Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অসামৰিক সেৱা দিৱসত সকলো অসামৰিক কৰ্মচাৰীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক সেৱা দিৱস উপলক্ষে সকলো অসামৰিক কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে। সুপ্ৰশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত কাম কৰাৰ সংকল্পক অধিক শক্তিশালী কৰাৰ এয়া এক উপ­লক্ষ বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। “তৃণমূল পৰ্যায়ৰ পৰা নীতি-নিৰ্ধাৰণলৈকে অসামৰিক কৰ্মচাৰীসকলৰ প্ৰচেষ্টাই অগণন জীৱনক স্পৰ্শ কৰাৰ লগতে ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগায়। আমাৰ অসামৰিক কৰ্মচাৰীসকলে কৰ্তব্যৰ সৰ্বোচ্চ মান বজাই ৰাখি উৎকৃষ্টতা, সহানুভূতি আৰু উদ্ভাৱনৰ সৈতে সেৱা অব্যাহত ৰাখক”, শ্ৰী মোদীয়ে কয়।

 

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ

“অসামৰিক সেৱা দিৱস উপলক্ষে সকলো অসামৰিক কৰ্মচাৰীক শুভেচ্ছা জনাইছো। সুপ্ৰশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত কাম কৰাৰ সংকল্পক অধিক শক্তিশালী কৰাৰ এয়া এক উপলক্ষ। তৃণমূল পৰ্যায়ৰ পৰা নীতি-নিৰ্ধাৰণলৈকে অসামৰিক কৰ্মচাৰীসকলৰ প্ৰচেষ্টাই অগণন জীৱনক স্পৰ্শ কৰে আৰু ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগায়। আমাৰ অসামৰিক কৰ্মচাৰীসকলে কৰ্তব্যৰ সৰ্বোচ্চ মান বজাই ৰাখি উৎকৃষ্টতা, সহানুভূতি আৰু উদ্ভাৱনৰ সৈতে সেৱা অব্যাহত ৰাখক।”

***

 

MJPS/VJ/DD