Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এ এছ এম এল আৰু টাটা ইলেক্ট্ৰনিকছৰ মাজত হোৱা চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল প্ৰধানমন্ত্ৰী মোদী

অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এ এছ এম এল আৰু টাটা ইলেক্ট্ৰনিকছৰ মাজত হোৱা চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল  প্ৰধানমন্ত্ৰী মোদী


আজি গুজৰাটৰ ঢোলেৰাত অৰ্ধপৰিবাহী ফেব নিৰ্মাণক সমৰ্থন জনাবলৈ টাটা ইলেক্ট্ৰনিক্স আৰু এ এছ এম এলৰ মাজত হোৱা চুক্তি স্বাক্ষৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান  ৰব জেটেন উপস্থিত থাকে ।

গুজৰাটত ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী ফেব প্ৰকল্পৰ বাবে টাটা ইলেক্ট্ৰনিকছ আৰু এ এছ এম এলে একেলগে অংশীদাৰিত্ব কৰাৰ সিদ্ধান্তক দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এই অংশীদাৰিত্বক দেশত অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰে। এ এছ এম এল হৈছে নেদাৰলেণ্ডৰ  বহুজাতিক নিগম আৰু উচ্চ নিখুঁত লিথ’গ্ৰাফী সঁজুলিৰ আগশাৰীৰ অন্যতম যোগানকাৰী,  যিবিধ সামগ্ৰী  অৰ্ধপৰিবাহী চিপ নিৰ্মাণৰ ক্ষেত্ৰতঅতি প্ৰয়োজনীয়। টাটা গ্ৰুপৰ সহযোগী কোম্পানী টাটা ইলেক্ট্ৰনিক্স হৈছে ভাৰতীয় ইলেক্ট্ৰনিকছ তথা  অৰ্ধপৰিবাহী নিৰ্মাণ কোম্পানী,  যিটো কোম্পানীয়ে গুজৰাটত অৰ্ধপৰিবাহী নিৰ্মাণৰ প্ৰকল্প  স্থাপন কৰিছে।

নেদাৰলেণ্ডৰ  আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা ঘবৰণীয়া মেজমেলত  প্ৰধানমন্ত্ৰীয়ে কৰা  মন্তব্য ইয়াত চাব পাৰে

[Link]

 

***

MJPS/SS/ST/DM