পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তনৰ আভাস দাঙি ধৰে । অনুষ্ঠানটোৰ গভীৰ আবেগিক তাৎপৰ্যৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কেম্পাছৰ শক্তিশালী আৰু সপোনেৰে ভৰা পৰিৱেশৰ কথা উল্লেখ কৰে। ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰি তেওঁ স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই অপৰিসীম সুখ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, “আজি এই কেম্পাছত আপোনালোকৰ সৈতে উপস্থিত থকাৰ অভিজ্ঞতা মোৰ বাবেও সঁচাকৈয়ে বিশেষ।“
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয় :
“আই আই টি দিল্লীত অনুষ্ঠিত হোৱা সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈছো। জীৱনৰ নতুন অধ্যায়ত নামি পৰা সকলো স্নাতক ছাত্ৰ-ছাত্ৰীলৈ মোৰ শুভেচ্ছা। তেওঁলোকে ডাঙৰ সপোন দেখিব, প্ৰত্যাহ্বান আঁকোৱালি লওক, আৰু ‘বিকশিত ভাৰত‘ (উন্নত ভাৰত) গঢ়ি তোলাত অৰিহণা যোগাওক।“
@iitdelhi
“আমি আই আই টি দিল্লীত বিশেষ যাত্ৰাৰ কথা ক‘লোঁ—অৰিয়েণ্টেচনৰ পৰা সমাৱৰ্তনলৈকে। হোষ্টেলৰ স্মৃতি আৰু বন্ধুত্বৰ পৰা আৰম্ভ কৰি প্ৰিয় কেম্পাছৰ স্মৃতিলৈকে, এইবোৰ এনেকুৱা মুহূৰ্ত যিবোৰ আজীৱন লালন-পালন কৰা হ‘ব।“
আমাৰ যুৱ স্নাতকসকলে জীৱনৰ নতুন পৰ্যায়ত ভৰি দিয়াৰ লগে লগে মই তেওঁলোকক এই যাত্ৰাৰ অংশ হোৱা সকলোকে মনত ৰাখিবলৈ আহ্বান জনাইছো—তেওঁলোকৰ বন্ধু, শিক্ষক, গুৰু আৰু সহায়ক কৰ্মচাৰীসকলোকে যাতে মনত ৰাখে। জীৱনে তেওঁলোকক য’লৈকেও লৈ যাওঁক, আশাকৰোঁ তেওঁলোক সদায় নিজৰ ‘প্ৰতিষ্ঠান’ৰ সৈতে সংযুক্ত হৈ থাকিব।“
@iitdelhi
মই আই আই টি দিল্লীৰ যুৱক-যুৱতীসকলৰ লগত শ্বেয়াৰ কৰিলোঁ যে পৰীক্ষাৰ এটা চিলেবাছ থাকিলেও জীৱনত কোনো চিলেবাচ নাই। জীৱনটো প্ৰায়ে আমি পৰিকল্পনা কৰা পাঠ্যক্ৰমৰ সম্পূৰ্ণ বাহিৰলৈ গতি কৰে!
@iitdelhi
এটা সময় আছিল যেতিয়া পুৰণি প্ৰজন্মই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে সকলো উৎসৰ্গা কৰিছিল। আজিৰ যুৱক-যুৱতীসকলৰ কান্ধত থকা দায়িত্ববোৰ বেলেগ বেলেগ হ’ব পাৰে যদিও ইয়াৰ তাৎপৰ্যও কম গভীৰ নহয়। অৰ্থনৈতিক আৰু প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক দক্ষতালৈকে ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) গঢ়ি তোলাত আমাৰ যুৱক-যুৱতীসকলৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ।
বহু যুৱক-যুৱতীয়ে কৈছে যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ৰকেট, চিপ, ড্ৰোন নিৰ্মাণ কৰিছে!
Delighted to attend the Convocation Ceremony at IIT Delhi. My best wishes to the graduating students as they begin a new chapter. May they dream big, embrace challenges and contribute to building a Viksit Bharat. @iitdelhi pic.twitter.com/u5WUbPGVZP
— Narendra Modi (@narendramodi) August 8, 2026
***
MJPS/SS/VJ/DM