প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ একতা নগৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগত পুৱাৰ কাৰ্যসূচীৰ পৰিৱৰ্তে এইবাৰ সন্ধিয়া অনুষ্ঠান আয়োজন কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে সন্ধিয়া ভাৰত পৰ্ব মণ্ডপত অনুষ্ঠিত মনোমোহা সাংস্কৃতিক প্ৰদৰ্শনী আৰু আজি পুৱা অনুষ্ঠিত ‘একতাৰ বাবে দৌৰত’ লাখ লাখ নাগৰিকৰ ব্যাপক অংশগ্ৰহণৰ কথাও তেওঁ স্মৰণ কৰে। ৰাষ্ট্ৰীয় ঐক্য অক্ষুণ্ণ ৰখাৰ সংকল্পৰে দেশবাসীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে।
বিশ্বৰ আটাইতকৈ উচ্চ প্ৰতিমূৰ্তি ‘ষ্টেচু অৱ ইউনিটি’ নিৰ্মাণত সমগ্ৰ দেশবাসীৰ সামূহিক অংশগ্ৰহণ, স্থানডোখৰৰ অনন্য পৰিৱেশ আৰু একতা দিৱসৰ প্ৰেৰণাদায়ক শক্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই স্মাৰক দৰ্শন কৰিলে ভাৰতীয় নাগৰিক হোৱাৰ গৌৰৱ অনুভৱ হয় আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি গভীৰ কৃতজ্ঞতাৰে হৃদয় ভৰি পৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “স্বাধীনতাৰ পিছত তেওঁ ৫৫০খনতকৈও অধিক দেশীয় ৰাজ্যক একত্ৰিত কৰি লৌহদৃঢ় সংকল্পৰে সমগ্ৰ দেশক ঐক্যৰ এনাজৰীৰে বান্ধিছিল।”
স্বাধীনতাৰ দ্বাৰা এখন দেশে নিজৰ ভাগ্য নিজে গঢ়াৰ ক্ষমতা লাভ কৰাৰ বিপৰীতে গণতন্ত্ৰই জনসাধাৰণৰ প্ৰতি জবাবদিহিতা নিশ্চিত কৰিবলৈ সাংবিধানিক পৰিসীমাৰ ভিতৰত থাকি সিদ্ধান্ত গ্ৰহণত পথ প্ৰদৰ্শন কৰে বুলি ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে একতাই এক ৰাষ্ট্ৰ হিচাপে একেলগে আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় শক্তি প্ৰদান কৰে। “সেইবাবেই, বৰ্তমান আমাৰ দেশত স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস আৰু ৰাষ্ট্ৰীয় একতা দিৱস—এই তিনিওটা ৰাষ্ট্ৰীয় উৎসৱকে পূৰ্ণ উৎসাহেৰে উদযাপন কৰা হয়,” শ্ৰী মোদীয়ে কয় ।
একতা নগৰত এইবাৰৰ ৰাষ্ট্ৰীয় একতা সমাৱেশৰ জৰিয়তে দেশৰ ঐক্যৰ এক বৰ্ণিল ছবি প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ একতা শোভাযাত্ৰা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে। লগতে ভাৰতৰ ঐতিহ্য আৰু ভৱিষ্যতৰ আকাংক্ষা প্ৰতিফলিত কৰা বিভিন্ন প্ৰতীক পটেও অনুষ্ঠানটোক বিশেষ মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ মতে, একতা দিৱস এতিয়া কেৱল আনুষ্ঠানিক কাৰ্যসূচীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই; বৰং জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে ই ৰাষ্ট্ৰীয় গৌৰৱৰ উৎসৱত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “এই উপলক্ষ্যে মই সমগ্ৰ দেশবাসীক ৰাষ্ট্ৰীয় একতা দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ চৰণত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।”
চৰ্দাৰ পেটেলক এগৰাকী মহান ঐতিহাসিক ব্যক্তিত্ব বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁক বাদ দি আধুনিক ভাৰতৰ কল্পনাই কৰিব নোৱাৰি। দেশৰ বৰ্তমানৰ ভৌগোলিক আৰু ৰাজনৈতিক ৰূপ গঢ়ি তোলাত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “দেশ বিভাজনৰ পিছতো হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে ভাৰতক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত চৰ্দাৰ পেটেলৰ ভূমিকা আছিল অপৰিসীম।”
চৰ্দাৰ পেটেলৰ সফলতাৰ আঁৰত ভাৰতৰ স্বকীয় চৰিত্ৰ আৰু চেতনাক গভীৰভাৱে উপলব্ধি কৰাৰ ক্ষমতা আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বৈচিত্ৰ্যক কেতিয়াও বাধা হিচাপে গণ্য কৰা নাছিল। বৰং সহস্ৰাধিক বছৰ ধৰি ভাৰতীয় সভ্যতাক বৰ্তাই ৰখা ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰকৃত ভেটি হিচাপে বৈচিত্ৰ্যক স্বীকৃতি দিছিল। প্ৰধানমন্ত্ৰীয়ে কয়, “এই শক্তিৰ আধাৰতে আমি প্ৰগতি আৰু সমৃদ্ধিৰ শিখৰত উপনীত হ’বলৈ সক্ষম হৈছোঁ।”
দেশক ভৌগোলিক আৰু আৱেগিক—উভয় দিশতে একত্ৰিত কৰি চৰ্দাৰ পেটেলে আধুনিক ভাৰতৰ ভেটি স্থাপন কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ সাংস্কৃতিক পুনৰুত্থানৰ ক্ষেত্ৰতো তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰে। তেওঁ কয়, “গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ জৰিয়তে তেওঁ দেশৰ সাংস্কৃতিক পুনৰুত্থানৰো সূচনা কৰিছিল।”
সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ এইবছৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অত্যাচাৰী শক্তিৰ সন্মুখতো হাজাৰ বছৰ ধৰি গৌৰৱেৰে উৰি থকা মন্দিৰৰ পতাকাই দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে। ইয়াৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ দেশতে সোমনাথ স্বাভিমান পৰ্বৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “এইবছৰো দেশবাসীয়ে একেই উৎসাহ-উদ্দীপনাৰে এই উৎসৱ উদযাপন কৰিছে।”
ৰাষ্ট্ৰীয় ঐক্যৰ বৰ্ণাঢ্য অনুষ্ঠান, বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান মৰ্যাদা, দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু কাশী বিশ্বনাথৰ পৰা ৰাম মন্দিৰলৈকে সাংস্কৃতিক পুনৰুত্থানৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে আজি চৰ্দাৰ পেটেলে কল্পনা কৰা পথেৰেই অগ্ৰসৰ হৈছে। তেওঁ লগতে কয়, “ইয়াৰ বাবে দেশবাসী সদায় তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব।”
চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জন্মজয়ন্তী উপলক্ষ্যে সমগ্ৰ দেশতে দুবছৰজোৰা উদযাপনৰ সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন সংকল্পৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১৫১সংখ্যক জন্মজয়ন্তীৰ এই দিনটোত সেই সংকল্পসমূহ অতি কম সময়ৰ ভিতৰতে পূৰণ হোৱাত তেওঁ সন্তুষ্ট। তেওঁ কয়, “এই দুটা বছৰত দেশে কেইবাটাও অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।”
চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জন্মজয়ন্তীৰ সময়ত তেওঁৰ চৰণত থিয় হৈ দেশৰ পৰা নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল নকৰালৈকে জিৰণি নোলোৱাৰ যি সংকল্প গ্ৰহণ কৰিছিল, সেই কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে মাত্ৰ এবছৰৰ ভিতৰতে বাওঁপন্থী উগ্ৰবাদৰ মেৰুদণ্ড ভাঙি পেলোৱা হৈছে। ২০১৫ চনত দেশৰ ১২৬খন জিলা নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত আছিল যদিও ২০২৬ চনৰ মাৰ্চ মাহলৈ সেই সংখ্যা শূন্যলৈ হ্ৰাস পাইছে।
দশক দশক ধৰি ৰক্তপাত আৰু হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা অঞ্চলসমূহ এতিয়া উন্নয়নৰ মূলসুঁতিলৈ ঘূৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই অঞ্চলসমূহত পথ, ম’বাইল নেটৱৰ্ক, বিদ্যালয় আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ ঘটিছে। পূৰ্বে অনিশ্চয়তাৰ মাজত দিন কটোৱা যুৱক-যুৱতীসকলৰ বাবেও শিক্ষা, কৰ্মসংস্থাপন আৰু জীৱনত আগবাঢ়ি যোৱাৰ নতুন সুযোগ মুকলি হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “এসময়ত যিসকল যুৱকে অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈছিল, তেওঁলোকৰ বাবে আজি শিক্ষা, নিয়োগ আৰু উন্নতিৰ নতুন পথ মুকলি হৈছে।”
এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত অঞ্চলসমূহৰ পৰা অহা পৰিয়ালসমূহক একতা দিৱসৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। লগতে অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰাণ আহুতি দিয়া নিৰাপত্তাৰক্ষীসকলৰ প্ৰতিও গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয়, “দেশৰ এই অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠাৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা সকলো বীৰ জোৱানৰ ওচৰত আজি মই মূৰ দোঁৱাইছোঁ।”
দেশৰ জনসাধাৰণৰ মাজত বৃদ্ধি পোৱা আত্মবিশ্বাস, ৰাষ্ট্ৰীয় সফলতা আৰু সংবেদনশীল প্ৰশাসনৰ ফলত ভাৰত আজি পূৰ্বতকৈ অধিক সুৰক্ষিত আৰু দৃঢ়প্ৰতিজ্ঞ হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। স্বাধীনতাৰ পিছৰে পৰা দৰিদ্ৰতা দূৰীকৰণৰ নামত বহু শ্ল’গান দিয়া হৈছিল যদিও সেই শ্ল’গান দিয়া লোকসকলেই নিজৰ স্বাৰ্থ পূৰণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত দেশৰ ঐতিহাসিক সফলতাৰ কথা দোহাৰে। তেওঁ বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে ২০২৪ চনৰ আগৰ ১০ৰ পৰা ১২ বছৰৰ ভিতৰত ৫০ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, “অৰ্থাৎ, পূৰ্বতে প্ৰতি ১০০জন লোকৰ ভিতৰত ২৭জন লোক চৰম দৰিদ্ৰতাৰ কবলত আছিল, কিন্তু আজি এই সংখ্যা ৩জনতকৈও কম।”
যোৱা ১২ বছৰত দৰিদ্ৰ লোকসকলৰ কল্যাণ আৰু সবলীকৰণক অগ্ৰাধিকাৰ দিয়াৰ ফলতেই এই বিশ্ব স্বীকৃত সফলতা সম্ভৱ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে ধনৰ অপচয় আৰু অনিয়ম ৰোধ, বিনামূলীয়া ৰেচন, বিনামূলীয়া স্বাস্থ্যসেৱা, কোটি কোটি পকী ঘৰ নিৰ্মাণ, শৌচাগাৰ নিৰ্মাণ, ধোঁৱাবিহীন ৰন্ধনশালাৰ ব্যৱস্থা আৰু ব্যাপক বীমা সুৰক্ষাৰ দৰে পদক্ষেপে দৰিদ্ৰ লোকসকলক উপকৃত কৰিছে বুলি তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ২০১৪ চনৰ পূৰ্বে ২৫ কোটিৰো কম লোক সামাজিক সুৰক্ষা আঁচনিৰ আওতাত আছিল যদিও আজি সেই সংখ্যা প্ৰায় ১০০ কোটিলৈ বৃদ্ধি পাইছে। চৰ্দাৰ পেটেলৰ আশীৰ্বাদ কামনা কৰি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এই শুভক্ষণত প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ সংকল্প পুনৰ দোহাৰে। তেওঁ কয়, “এনে প্ৰচেষ্টাৰ জৰিয়তেহে আমি দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰি এখন বিকশিত ভাৰত গঢ়ি তুলিব পাৰিম।”
যুদ্ধ, অৰ্থনৈতিক সংকট, সম্পদৰ নাটনি আৰু যোগান শৃংখলৰ বিঘিনিৰে বিশ্বৰ পৰিস্থিতি বিগত কেইবা দশকৰ ভিতৰত আটাইতকৈ অস্থিৰ হৈ পৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে প্ৰত্যাহ্বানৰ সময়ত ৰাষ্ট্ৰীয় ঐক্যই দেশক স্থিৰতা আৰু সফলতা প্ৰদান কৰে। বিশ্বৰ যিকোনো সংকটৰ সন্মুখীন হ’বলৈ ভাৰতীয়সকলৰ ঐক্য আৰু সংহতিয়েই দেশৰ সৰ্ববৃহৎ শক্তি বুলি তেওঁ অভিহিত কৰে।
শেহতীয়া আন্তঃৰাষ্ট্ৰীয় শক্তি সংকটৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংকটৰ ফলত কেইবাখনো দেশে ইন্ধনৰ ব্যৱহাৰত সীমাবদ্ধতা আৰোপ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ ফলত অধিক জনসংখ্যা আৰু তেল আমদানিৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ বাবেও ভয়াৱহ সংকটৰ আশংকা প্ৰকাশ কৰা হৈছিল। সেই সময়তে ভাৰতবিৰোধী শক্তিসমূহো সক্ৰিয় হৈ উঠিছিল। কিন্তু কূটনৈতিক দক্ষতা আৰু দেশবাসীৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত ভাৰতে এই সংকটৰ প্ৰভাৱৰ পৰা নাগৰিকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়।
এদশকৰো অধিক সময়ৰ ৰাজনৈতিক হতাশাৰ পিছত বিভাজনকামী শক্তিসমূহে মুকলিকৈ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক সতৰ্ক কৰি দিয়ে। তেওঁৰ মতে, এই শক্তিসমূহে জনসাধাৰণৰ মাজত বিভেদ সৃষ্টি কৰা, সামাজিক মাধ্যমক ব্যৱহাৰ কৰি উৰাবাতৰি প্ৰচাৰ কৰা আৰু ভাৰতৰ ভাবমূৰ্তি ম্লান কৰাৰ চেষ্টা চলাইছে।
বৈদেশিক শক্তিৰ সৈতে গোপন বৈঠক, ভাৰতবিৰোধী শক্তিৰ পৰা লাভ কৰা সমৰ্থন আৰু দেশৰ শত্ৰুৰ বক্তব্যৰ সৈতে সামঞ্জস্য থকা মন্তব্যসমূহৰ প্ৰতি নাগৰিকসকলক সজাগ হ’বলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “আমি দূৰ্গম অঞ্চলসমূহৰ পৰা নক্সালবাদ নিৰ্মূল কৰিছোঁ যদিও দেশৰ পৰা মতাদৰ্শগত উগ্ৰপন্থীৰ বিপদ এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। এনে শক্তিৰ বিৰুদ্ধে দেশবাসীয়ে সদায় সতৰ্ক হৈ থাকিব লাগিব।”
ৰাষ্ট্ৰীয় ঐক্যৰ মহান লক্ষ্য আৰু এখন শক্তিশালী তথা সক্ষম ভাৰত গঢ়াৰ যাত্ৰা কোনো বাধা-বিঘিনিৰ সন্মুখতো অব্যাহত থাকিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ লক্ষ্যসমূহৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ সীমান্ত সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা, অনুপ্ৰৱেশ বন্ধ কৰা, জনবিন্যাসৰ পৰিৱৰ্তন ৰোধ কৰা আৰু এখন ধৰ্মনিৰপেক্ষ নাগৰিক বিধিৰ দিশত আগবঢ়া দেশৰ পৰৱৰ্তী অগ্ৰাধিকাৰ হ’ব লাগিব।
এই বৃহৎ সংকল্প আৰু সাহসী সিদ্ধান্তসমূহৰ সন্মুখত বিভিন্ন বাধা-বিঘিনি আহিব পাৰে বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখতো দেশে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযায়। ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ আৰু ‘বিকশিত ভাৰত’ গঢ়াৰ সংকল্পৰে দেশবাসীয়ে প্ৰতিটো উশাহ আৰু হৃদস্পন্দনৰ সৈতে নিৰন্তৰ কাম কৰি যাব। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উৎসৱৰ শুভেচ্ছা জনোৱাৰ লগতে ‘ভাৰত মাতা কী জয়’ ধ্বনি দিয়ে।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “আমি কঠোৰ পৰিশ্ৰমৰ শিখৰত উপনীত হ’ম, ধুমুহাৰ সন্মুখীন হ’বলৈ দৃঢ়তাৰে থিয় দিম, কিন্তু আমাৰ দৃষ্টি সদায় এটা লক্ষ্যতে নিবদ্ধ থাকিব—২০৪৭ চনৰ ভিতৰত এখন শক্তিশালী আৰু সক্ষম ভাৰত গঢ়ি তোলা।”
On Rashtriya Ekta Diwas, we pay tribute to Sardar Patel and remember his immense contribution to national unity. https://t.co/GLt85TCTxx
— Narendra Modi (@narendramodi) October 31, 2026
****
MJPS/SS/PRK/DM
On Rashtriya Ekta Diwas, we pay tribute to Sardar Patel and remember his immense contribution to national unity. https://t.co/GLt85TCTxx
— Narendra Modi (@narendramodi) October 31, 2026
Sardar Patel played a monumental role in shaping and safeguarding the nation's unity. https://t.co/VI9ycIsjeY
— PMO India (@PMOIndia) October 31, 2026
Naxalism has been dealt a decisive blow in the country. https://t.co/KGRWF14SIM
— PMO India (@PMOIndia) October 31, 2026
India today is more secure and more resolute than ever before. A major reason for this is the growing self-confidence of its people. https://t.co/mx3YkU1EDU
— PMO India (@PMOIndia) October 31, 2026
A significant decline in poverty. https://t.co/4PIPaiEJv2
— PMO India (@PMOIndia) October 31, 2026
Every effort we make must be driven by the resolve to build a strong and Viksit Bharat by 2047. https://t.co/ypZdkAIXpR
— PMO India (@PMOIndia) October 31, 2026
Took part in the Rashtriya Ekta Diwas celebrations in Kevadia. May this day deepen the bonds of harmony and brotherhood across our nation. And, may this spirit of unity further cement our resolve to build a Viksit Bharat. https://t.co/q7Z79tNMKO
— Narendra Modi (@narendramodi) October 31, 2026