Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

ৰাষ্ট্ৰীয় একতা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা  ভাষণৰ পূৰ্ণপাঠ


মই ক’ম চৰ্দাৰ পেটেল, আপোনালোকে ক’ব—অমৰ হওক, অমৰ হওক।

চৰ্দাৰ পেটেল—অমৰ হওক, অমৰ হওক।

চৰ্দাৰ পেটেল—অমৰ হওক, অমৰ হওক।

চৰ্দাৰ পেটেল—অমৰ হওক, অমৰ হওক।

 

মোৰ প্ৰিয় দেশবাসী,

 

আজিৰ এই অনুষ্ঠান কিছু পৃথক। ইমানদিনে আমি একতা দিৱসৰ এই অনুষ্ঠান পুৱাৰ ভাগত অনুষ্ঠিত কৰি আহিছিলো। এইবাৰ কিছু পৰিৱৰ্তন ঘটিছে। আজি আমি সকলোৱে সন্ধিয়া একত্ৰিত হৈছোঁ। আজি পুৱা লাখ লাখ দেশবাসীয়ে ঐক্যৰ সংকল্পৰে একতা দৌৰত অংশগ্ৰহণ কৰিছে। একতা দৌৰত দেশবাসীৰ উৎসাহ-উদ্দীপনা আমি প্ৰত্যক্ষ কৰিছোঁ। কালি সন্ধিয়া ভাৰত পৰ্ব মণ্ডপত অনুষ্ঠিত মনোমোহা প্ৰদৰ্শনীও মই দৰ্শন কৰিছোঁ। এতিয়া এই ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষ্যে আমি চৰ্দাৰ পেটেলৰ চৰণত উপস্থিত হৈছোঁ।

 

বন্ধুসকল,

বিশ্বৰ এই সৰ্বোচ্চ মূৰ্তি ‘ষ্টেচু অৱ ইউনিটী’ নিৰ্মাণত সমগ্ৰ দেশৰ জনসাধাৰণৰ অংশগ্ৰহণ, এই স্থানৰ নিজস্ব অপূৰ্ব আভা আৰু একতা দিৱসৰ অসাধাৰণ শক্তি তথা প্ৰেৰণাই ইয়ালৈ আহি মন গৌৰৱ আৰু কৃতজ্ঞতাৰে ভৰাই তোলে। এখন মহান ৰাষ্ট্ৰৰ নাগৰিক হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰোঁ আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰোঁ। কাৰণ স্বাধীনতাৰ পিছত তেওঁ ৫৫০খনতকৈও অধিক দেশীয় ৰাজ্যক একত্ৰিত কৰিছিল। লৌহদৃঢ় সংকল্পৰে এই ৰাষ্ট্ৰক ঐক্যৰ এনাজৰীৰে বান্ধিছিল।

বন্ধুসকল,

যিকোনো দেশৰ বাবেই স্বাধীনতা অত্যন্ত প্ৰয়োজনীয়। স্বাধীনতা লাভ কৰাৰ পিছত এখন দেশে নিজৰ ভৱিষ্যৎ নিজেই নিৰ্ধাৰণ কৰিব পাৰে। কিন্তু গণৰাজ্যৰ জৰিয়তেহে স্বাধীনতাই সঠিক দিশ লাভ কৰে। গণৰাজ্যই আমাক সংবিধানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ পথ দেখুৱায়। সংবিধানে আমাক জনসাধাৰণৰ প্ৰতি দায়বদ্ধ কৰি ৰাখে আৰু ঐক্যই এখন ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি যোৱাৰ শক্তি প্ৰদান কৰে। সেয়েহে আমাৰ দেশত এতিয়া স্বাধীনতা দিৱস, গণৰাজ্য দিৱস আৰু একতা দিৱস—এই তিনিওটা ৰাষ্ট্ৰীয় উৎসৱ পূৰ্ণ উৎসাহেৰে উদযাপন কৰা হয়।

বন্ধুসকল,

আজি ইয়াত একতা নগৰত পুনৰ এবাৰ আমি ভাৰতৰ বিশাল ঐক্যৰ নিদৰ্শন প্ৰত্যক্ষ কৰিছোঁ। এইবাৰৰ ৰাষ্ট্ৰীয় একতা শোভাযাত্ৰাও অতি মনোমোহা হৈছে। এই শোভাযাত্ৰা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বীৰত্ব তথা সাহসৰ প্ৰতি উৎসৰ্গিত। দেশৰ ঐতিহ্য আৰু দেশৰ আকাংক্ষাসমূহো আজি বিভিন্ন প্ৰতীকপটৰ জৰিয়তে দেশবাসীৰ সন্মুখত উপস্থাপন কৰা হৈছে। সেয়েহে একতা দিৱস এতিয়া কেৱল অনুষ্ঠানৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে ই জনসাধাৰণৰ গৌৰৱৰ উৎসৱত পৰিণত হৈছে। এই উপলক্ষ্যে মই সমগ্ৰ দেশবাসীক ৰাষ্ট্ৰীয় একতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। চৰ্দাৰ বল্লভভাই পেটেলৰ চৰণত গভীৰ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ।

বন্ধুসকল,

চৰ্দাৰ পেটেল ভাৰতৰ ইতিহাসৰ এনে এগৰাকী মহান ব্যক্তিত্ব, যাৰ অবিহনে আজিৰ ভাৰতৰ কল্পনাও কৰিব নোৱাৰি। চৰ্দাৰ পেটেলে ভাৰতৰ বৰ্তমানৰ ৰূপ গঢ়ি তুলিছিল। দেশ বিভাজনৰ পিছতো হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে যিগৰাকীয়ে ভাৰতক সুৰক্ষিত কৰি ৰাখিছিল, তেওঁ আছিল চৰ্দাৰ পেটেল।

বন্ধুসকল,

চৰ্দাৰ পেটেলে এই কাম কৰিবলৈ সক্ষম হৈছিল, কাৰণ তেওঁ ভাৰতৰ চৰিত্ৰ আৰু চেতনাৰ সৈতে পৰিচিত আছিল। তেওঁ জানিছিল যে ভাৰতৰ বৈচিত্ৰ্য কোনো বাধা নহয়। তেওঁ বুজি পাইছিল যে ভাৰতৰ বৈচিত্ৰ্যই হৈছে ইয়াৰ ঐক্যৰ প্ৰকৃত আধাৰ। আমি হাজাৰ হাজাৰ বছৰ ধৰি এনেদৰেই একেলগে বাস কৰি আহিছোঁ। এই শক্তিৰ আধাৰতে আমি প্ৰগতি আৰু সমৃদ্ধিৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ।

বন্ধুসকল,

চৰ্দাৰ পেটেলে পুনৰ এবাৰ সেই একেখন ভাৰতৰ ভেটি সুদৃঢ় কৰিছিল। তেওঁ কেৱল দেশৰ ভৌগোলিক ঐক্যই প্ৰতিষ্ঠা কৰা নাছিল, বৰং দেশবাসীক আবেগিক ঐক্যৰ এনাজৰীৰেও বান্ধিছিল। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰৰ সাংস্কৃতিক পুনৰুত্থানৰো সূচনা কৰিছিল।

বন্ধুসকল,

এইবছৰ সেই মহান কাৰ্যৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। সকলো অত্যাচাৰীৰ অভিসন্ধি বিফল কৰি যিদৰে এহেজাৰ বছৰ ধৰি সোমনাথ মন্দিৰৰ পতাকা আত্মগৌৰৱেৰে উৰি আছে, সেই আত্মসন্মান আৰু গৌৰৱবোধেই আমাক সোমনাথ স্বাভিমান পৰ্ব উদযাপনৰ প্ৰেৰণা যোগাইছে। এইবছৰ দেশবাসীয়েও সমান উৎসাহেৰে এই উৎসৱ উদযাপন কৰিছে।

 

মোৰ প্ৰিয়  দেশবাসী,

আজি ৰাষ্ট্ৰীয় ঐক্যৰ বৃহৎ বৃহৎ অনুষ্ঠান, বিশ্ব মঞ্চত ভাৰতৰ ক্ৰমবৰ্ধমান মৰ্যাদা, আমাৰ অৰ্থনৈতিক প্ৰগতিৰ দ্ৰুত গতি আৰু কাশী বিশ্বনাথৰ পৰা ৰাম মন্দিৰলৈকে বিভিন্ন ঐতিহাসিক ধৰ্মীয় স্থানৰ পুনৰুজ্জীৱন—দেশ আজি যি দিশে আগবাঢ়িছে, সেই পথ আমাক চৰ্দাৰ পেটেলেই দেখুৱাইছিল। ইয়াৰ বাবে দেশ তেওঁৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ থাকিব।

বন্ধুসকল,

যোৱা বছৰ আমি চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছিলোঁ। দুবছৰ ধৰি দেশত বিভিন্ন উৎসৱ আৰু কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। আমি দেশৰ বাবে কেইবাটাও বৃহৎ সংকল্প গ্ৰহণ কৰিছিলোঁ আৰু সেইসমূহ পূৰণৰ শপত লৈছিলোঁ। আজি যেতিয়া আমি চৰ্দাৰ পেটেলৰ ১৫১সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছোঁ, তেতিয়া সন্তুষ্টিৰে ক’ব পাৰোঁ যে দেশে অতি কম সময়ৰ ভিতৰতে নিজৰ সংকল্পসমূহ পূৰণ কৰি দেখুৱাইছে। এই দুটা বছৰত দেশে কেইবাটাও অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে।

বন্ধুসকল,

চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জন্মজয়ন্তীৰ দিনা মই ইয়াত তেওঁৰ চৰণত থিয় হৈ কৈছিলোঁ, “যেতিয়ালৈকে দেশ নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নহয়, তেতিয়ালৈকে আমি শান্তিৰে বহি নাথাকোঁ।”

আৰু ঠিক এবছৰৰ পিছত আজি আমি যেতিয়া ইয়াত উপস্থিত হৈছোঁ, তেতিয়া দেশৰ সেই সংকল্প পূৰণ হৈছে। আজি দেশত নক্সালবাদৰ মেৰুদণ্ড ভাঙি পেলোৱা হৈছে। ২০১৫ চনত দেশৰ ১২৬খন জিলা বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱান্বিত আছিল। কিন্তু ২০২৬ চনৰ মাৰ্চ মাহলৈ দেশত এনে এখনো জিলা বাকী নাথাকিল, যিখন এতিয়াও নক্সালবাদৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে।

দশক দশক ধৰি হিংসা আৰু ৰক্তপাতৰ বলি হোৱা এই জিলাসমূহ এতিয়া উন্নয়নৰ মূলসুঁতিলৈ আহিবলৈ আৰম্ভ কৰিছে। আজি এই অঞ্চলসমূহত পথৰ সম্প্ৰসাৰণ ঘটিছে, ম’বাইল নেটৱৰ্কৰ সুবিধা উপলব্ধ হৈছে, বিদ্যালয় আৰু স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি পাইছে। যিসকল যুৱক-যুৱতীৰ সন্মুখত এসময়ত অনিশ্চিত ভৱিষ্যৎ আছিল, তেওঁলোকৰ বাবে আজি শিক্ষা, কৰ্মসংস্থাপন আৰু জীৱনত আগবাঢ়ি যোৱাৰ নতুন নতুন সুযোগ মুকলি হৈছে।

বন্ধুসকল,

এইবাৰ একতা দিৱসৰ অনুষ্ঠানত নক্সালবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিয়ালসমূহে অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। মই তেওঁলোক সকলোকে ইয়াত আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ। দেশৰ এই অঞ্চলসমূহত শান্তি প্ৰতিষ্ঠাৰ বাবে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা সকলো বীৰ জোৱানৰ প্ৰতিও আজি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ।

বন্ধুসকল,

আজি ভাৰত পূৰ্বতকৈ অধিক সুৰক্ষিত। আজি ভাৰত অধিক দৃঢ়প্ৰতিজ্ঞ। ইয়াৰ অন্যতম বৃহৎ কাৰণ হৈছে দেশবাসীৰ মাজত বৃদ্ধি পোৱা আত্মবিশ্বাস। আৰু এই আত্মবিশ্বাস আহে সফলতাৰ পৰা, চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থাৰ সংবেদনশীলতাৰ পৰা। আজি এনে এক বৃহৎ ৰাষ্ট্ৰীয় সফলতাৰ বিষয়ে মই নিশ্চয়কৈ আলোচনা কৰিব বিচাৰিছোঁ।

বন্ধুসকল,

ভাৰতত দৰিদ্ৰতা দূৰ কৰাৰ কথা স্বাধীনতাৰ পিছৰে পৰাই কৈ অহা হৈছে। দৰিদ্ৰতা দূৰ কৰাৰ নামত ভোট বিচৰা হৈছিল। কিন্তু দেশত দৰিদ্ৰতাৰ প্ৰকৃত পৰিস্থিতি কি আছিল, সেয়া আমি সকলোৱে জানো। যিসকলে ‘ গৰিবী হাটাও’ বুলি শ্ল’গান দিছিল, তেওঁলোক নিজেই ক্ৰমাৎ ধনী হৈ গৈছিল। কিন্তু বিগত কেইবছৰমানৰ পৰা পৰিস্থিতিৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছে।

মাত্ৰ কেইদিনমান পূৰ্বে বিশ্ব বেংকৰ এখন প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২৪ চনৰ পূৰ্বৰ ১০ৰ পৰা ১২ বছৰৰ ভিতৰত ৫০ কোটি ভাৰতীয়ই দৰিদ্ৰতাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ পূৰ্বতে প্ৰতি ১০০জন লোকৰ ভিতৰত ২৭জন লোক, অৰ্থাৎ এক চতুৰ্থাংশতকৈও অধিক লোক ভয়াৱহ দৰিদ্ৰতাৰ কবলত আছিল। কিন্তু আজি সেই সংখ্যা হ্ৰাস পাই প্ৰতি ১০০জনৰ ভিতৰত ৩জনতকৈও কম হৈছে।

বন্ধুসকল,

সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে যে এয়া এক বৃহৎ সফলতা। কিন্তু এই সফলতা কেনেকৈ সম্ভৱ হ’ল? এয়া সম্ভৱ হৈছে কাৰণ যোৱা ১২ বছৰে দেশে দৰিদ্ৰ লোকৰ কল্যাণ আৰু তেওঁলোকক সবলীকৰণ কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।

এই ১২ বছৰত দেশে অনিয়ম আৰু ধনৰ অপচয় ৰোধৰ  ব্যৱস্থা লাভ কৰিছে। পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে দিল্লীৰ পৰা প্ৰেৰণ কৰা প্ৰতিটো টকা দৰিদ্ৰ লোকৰ ওচৰত গৈ উপস্থিত হৈছে। বিনামূলীয়া ৰেচন আৰু বিনামূলীয়া চিকিৎসা সেৱাই দৰিদ্ৰ লোকসকলৰ ধন ৰাহি কৰাত সহায় কৰিছে। কোটি কোটি পকী ঘৰে, কোটি কোটি শৌচাগাৰে আৰু ধোঁৱামুক্ত ৰন্ধনশালাৰ ব্যৱস্থাই দৰিদ্ৰ লোকসকলৰ জীৱন সহজ কৰি তুলিছে।

কোটি কোটি লোকক বীমাৰ সুৰক্ষা প্ৰদান কৰা হৈছে, যিয়ে সংকটৰ সময়ত লাখ লাখ ভাৰতীয়ক সকাহ আৰু সাহস যোগাইছে। ২০১৪ চনৰ পূৰ্বে দেশৰ ২৫ কোটি লোকৰো সামাজিক সুৰক্ষাৰ ব্যৱস্থা নাছিল। কিন্তু আজি দেশৰ প্ৰায় ১০০ কোটি লোকক সামাজিক সুৰক্ষাৰ আওতালৈ অনা হৈছে।

বন্ধুসকল,

আজি যেতিয়া সমগ্ৰ দেশে চৰ্দাৰ চাহাবক স্মৰণ কৰিছে আৰু তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে, তেতিয়া তেওঁৰ আত্মাই নিশ্চয় আমাক আশীৰ্বাদ প্ৰদান কৰিব। এনে প্ৰচেষ্টাৰ জৰিয়তেই আমি দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰিম আৰু দেশক এখন বিকশিত ভাৰত হিচাপে গঢ়ি তুলিম।

বন্ধুসকল,

দেশৰ ঐক্যই দেশৰ স্থিৰতা আৰু সফলতাৰ নিশ্চয়তা প্ৰদান কৰে।  আজিৰ দৰে বিশ্বজুৰি অস্থিৰতাৰ সময়ত ঐক্যৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। আপোনালোকে সকলোৱে জানে যে আজি সমগ্ৰ বিশ্ব অশান্তিৰ জুইত দগ্ধ হৈছে। বিগত কেইবা দশকৰ ভিতৰত এয়া আটাইতকৈ কঠিন সময়। বিশ্বৰ কেইবাখনো দেশৰ মাজত যুদ্ধ চলি আছে। বৃহৎ বৃহৎ দেশৰ অৰ্থনীতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। সম্পদৰ সংকট ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশ্বৰ যোগান শৃংখলসমূহ ছিন্নভিন্ন হৈ পৰিছে।

এনে পৰিস্থিতিত ভাৰতৰ ঐক্য, অৰ্থাৎ আমি ভাৰতীয়সকলৰ ঐক্যই হৈছে আমাৰ বাবে এক বৃহৎ শক্তি। কাৰণ এই ঐক্যই আমাক সকলো ধৰণৰ ধুমুহাৰ পৰা উদ্ধাৰ কৰিব।

ভাই-ভনীসকল,

যোৱা কেইমাহমানত আমি সমগ্ৰ বিশ্বক শক্তি সংকটৰ সৈতে যুঁজি থকা দেখিছোঁ। বহু দেশত ডিজেল আৰু পেট্ৰ’ল ক্ৰয়ৰ ক্ষেত্ৰতো সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। ভাৰতৰ ক্ষেত্ৰতো কোৱা হৈছিল যে ইয়াত জনসংখ্যা অতি অধিক আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ উৎপাদনো দেশত পৰ্যাপ্ত নহয়। সেয়েহে ভাৰতেই আটাইতকৈ বৃহৎ সংকটৰ সন্মুখীন হ’ব। এনে আশংকাৰ মাজতে ভাৰতবিৰোধী শক্তিসমূহো সক্ৰিয় হৈ পৰিছিল।

কিন্তু বন্ধুসকল,

এয়া হৈছে ভাৰতৰ সামৰ্থ্য যে আমি এই বিশ্বজোৰা শক্তি সংকটৰ আঘাত আমাৰ নাগৰিকসকলৰ ওপৰত পৰিবলৈ দিয়া নাছিলোঁ। এয়া দেশৰ কূটনৈতিক আৰু কৌশলগত সফলতা হয়েই, লগতে ইয়াত দেশবাসীৰ ঐক্য আৰু সংহতিৰো সমানেই বৃহৎ ভূমিকা আছে।

কাৰণ, যেতিয়া দেশে বাহ্যিক প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি আছিল, সেই সময়তে দেশৰ ভিতৰতো কিছুমান শক্তিয়ে মিছা কথা আৰু উৰাবাতৰি প্ৰচাৰ কৰি অস্থিৰতা সৃষ্টি কৰাত ব্যস্ত হৈ পৰিছিল। কিন্তু দেশবাসীয়ে ৰাষ্ট্ৰৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল। এয়াই হৈছে এই দেশৰ সৰ্ববৃহৎ শক্তি। এয়াই আমাৰ সাহসৰ আটাইতকৈ ডাঙৰ আধাৰ।

বন্ধুসকল,

চৰ্দাৰ পেটেল, বাবা চাহেব আম্বেদকাৰৰ দৰে মহান ব্যক্তিসকলে যেতিয়া দেশৰ সংবিধান প্ৰণয়ন কৰিছিল, তেতিয়া তেওঁলোকে শাসক পক্ষ আৰু বিৰোধী পক্ষৰ ব্যৱস্থা কৰিছিল। এই ব্যৱস্থাৰ গুৰুত্বও তেওঁলোকে বুজাই দিছিল।

গণতন্ত্ৰত বিৰোধী পক্ষৰ দায়িত্ব হৈছে চৰকাৰৰ নীতিসমূহৰ বিৰোধিতা কৰা। কিন্তু এয়া আমাৰ দুৰ্ভাগ্য যে বৰ্তমান দেশত বিৰোধী পক্ষই নিজৰ কৰ্তব্য ত্যাগ কৰি বিৰোধিতা কৰাৰ পৰিৱৰ্তে বাধাৰ সৃষ্টি কৰা পক্ষত পৰিণত হৈছে। নিজৰ হতাশা আৰু নিৰাশাৰ বাবে এই লোকসকলে দেশৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। এয়া বিৰোধিতা নহয়, এয়া বাধা প্ৰদান। তেওঁলোকে ইয়াকে নিজৰ ৰাজনীতি হিচাপে গ্ৰহণ কৰিছে। এই লোকসকলে সংবিধানৰ মৰ্যাদা ভূলুণ্ঠিত কৰাত ব্যস্ত হৈ পৰিছে।

বন্ধুসকল,

এই শক্তিসমূহে দেশত বিভাজনৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। ভাৰতমাতাৰ সন্তানসকলৰ মাজত বিভেদ সৃষ্টি কৰি তেওঁলোকক পৰস্পৰৰ বিৰুদ্ধে যুঁজাই দিয়াৰ চক্ৰান্ত ৰচনা কৰা হৈছে। এদশকৰো অধিক সময় ধৰি চলি অহা হতাশা আৰু নিৰাশাৰ ফলত এই লোকসকল এতিয়া মুকলিকৈ সন্মুখলৈ আহিছে।

বিদেশত কোনে গোপনে কাৰ সৈতে বৈঠকত মিলিত হৈছে, ভাৰতবিৰোধী শক্তিসমূহে কাক সমৰ্থন আগবঢ়াইছে, কোনে ভাৰতৰ শত্ৰুসকলৰ ভাষাত কথা কৈছে—এই সকলোবোৰ আৰ্হি আমি চিনাক্ত কৰিব লাগিব। আমি ঐক্যবদ্ধভাৱে এই শক্তিসমূহৰ মোকাবিলা কৰিব লাগিব।

বিশেষকৈ সামাজিক মাধ্যমক যিদৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে, যিদৰে উৰাবাতৰি প্ৰচাৰ কৰা হৈছে আৰু ভাৰতৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলোৱা হৈছে, তাৰ বিৰুদ্ধে দেশবাসীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব।

আমি দূৰ্গম অঞ্চলসমূহৰ পৰা নক্সালবাদৰ অন্ত পেলাইছোঁ। কিন্তু এতিয়াও দেশৰ পৰা মানসিক নক্সালবাদৰ বিপদ সম্পূৰ্ণৰূপে আঁতৰা নাই। দেশবাসীয়ে এই মানসিক নক্সালবাদীসকলৰ প্ৰতি সদায় সতৰ্ক হৈ থাকিব লাগিব।

বন্ধুসকল,

পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, ৰাষ্ট্ৰীয় ঐক্যৰ এই মহান যজ্ঞ আৰু এখন শক্তিশালী তথা সক্ষম ভাৰত গঢ়াৰ এই সংকল্পৰ যাত্ৰা আমি স্তব্ধ হ’বলৈ দিব নোৱাৰোঁ।

এই দিশত এতিয়া আমি পৰৱৰ্তী বৃহৎ লক্ষ্যসমূহৰ দিশে কাম কৰিব লাগিব। দেশৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব লাগিব। অনুপ্ৰৱেশ আৰু জনবিন্যাসৰ পৰিৱৰ্তন ৰোধ কৰিব লাগিব।

বন্ধুসকল,

যেতিয়াই দেশে বৃহৎ সংকল্প গ্ৰহণ কৰিব, যেতিয়াই দেশে ডাঙৰ সিদ্ধান্ত ল’ব, তেতিয়াই বাধা আহিব, প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব আৰু ধুমুহাৰো সন্মুখীন হ’ব লাগিব। কিন্তু ভাৰত এতিয়া আৰু থমকি ৰোৱাৰ পক্ষপাতী নহয়।

‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’। ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এই মন্ত্ৰ আৰু বিকশিত ভাৰতৰ লক্ষ্য এতিয়া ভাৰতৰ অটল সংকল্পত পৰিণত হৈছে।

আমি কঠোৰ পৰিশ্ৰমৰ চৰম সীমা অতিক্ৰম কৰিম। আমি সকলো ধুমুহাৰ সন্মুখীন হ’বলৈ দৃঢ়তাৰে থিয় দিম। কিন্তু আমাৰ দৃষ্টি সদায় এটা লক্ষ্যতে নিবদ্ধ হৈ থাকিব।

২০৪৭ চনত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়ালৈকে এখন শক্তিশালী, সক্ষম আৰু বিকশিত ভাৰত গঢ়ি তুলিব লাগিব।

আমাৰ প্ৰতিটো প্ৰচেষ্টাত, আমাৰ প্ৰতিটো উশাহত এই আবেগ আৰু সংকল্প প্ৰতিফলিত হ’ব লাগিব। আমাৰ হৃদয়ৰ প্ৰতিটো স্পন্দনৰ সৈতে এই চিন্তা স্পন্দিত হ’ব লাগিব।

এই সংকল্পৰে পুনৰ এবাৰ আপোনালোক সকলোকে ৰাষ্ট্ৰীয় একতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

অশেষ ধন্যবাদ।

 

***

MJPS/SS/SS/DK/DM