পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৬ ছেপ্টেম্বৰ, ২০২১ৰ সন্ধিয়া নতুন সংসদ ভৱনৰ নির্মাণকাৰ্য পৰিদৰ্শন কৰে৷ এই উপলক্ষে তেওঁ কামৰ অগ্রগতিৰ পর্যালোচনা কৰে৷
প্রধানমন্ত্রীয়ে কয় যে নির্দিষ্ট সময়ৰ ভিতৰত কাম শেষ কৰিব লাগিব৷ তেওঁ নিৰ্মাণকাৰ্যত কর্মৰত শ্রমিকসকলৰ সৈতে কথা পতাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়৷ শ্রমিকসকলক উদ্দেশ্যি মোদীয়ে কয় যে তেওঁলোকে এক পবিত্র আৰু ঐতিহাসিক নির্মাণ কাৰ্য কৰি আছে।
যিসকলে নতুন সংসদ ভৱনৰ নির্মাণকাৰ্যত জড়িত হৈ আছে তেওঁলোকৰ ক’ভিড টিকাকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত প্রধানমন্ত্রীয়ে প্রয়োজনীয় ব্যৱস্থা লোৱাৰ নির্দেশ দিয়ে৷ তেওঁ প্রতি মাহত শ্রমিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবেও বিষয়াসকলক নির্দেশ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই নির্মাণৰ কাম শেষ হ’লে যিসকল শ্রমিক এই নির্মাণকাৰ্যৰ সৈতে জড়িত তেওঁলোকৰ বিষয়ে এক ডিজিটেল আর্কাইভ গঢ়ি তোলা হ’ব৷ এই আর্কাইভত কর্মৰত শ্রমিকসকলে কি কাম কৰিছে, সেয়া বুজাৰ বাবে তেওঁলোকৰ ফটো, নাম, বাসস্থানৰ বিষয়ে বিস্তৃত বিৱৰণ থাকিব৷ তদুপৰি, প্রতিগৰাকী শ্রমিকক তেওঁলোকৰ ভূমিকাৰ সম্পৰ্কে এখনকৈ প্ৰশংসাপত্র প্ৰদান কৰা হ’ব৷
প্রধানমন্ত্রীৰ আকষ্মিক ভ্ৰমণৰ সময়ত সংশ্লিষ্ট স্থানত ন্যূনতম নিৰাপত্তা ব্যৱস্থা আছিল। তেওঁ তাত এঘণ্টাতকৈ অধিক সময় অতিবাহিত কৰে৷
****
DS/DB