Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নানাজী দেশমুখৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ পুছাস্থিত আইএআৰআইত অনুষ্ঠিত হ’বলগীয়া নানাজী দেশমুখৰ জন্মশতবৰ্ষ অনুষ্ঠানত ভাগ ল’ব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে “প্ৰযুক্তি আৰি গ্ৰাম্য জীৱন” শীৰ্ষক এক প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। এই প্ৰদৰ্শণীত এশটা উন্নত ব্যৱহাৰিক আৰু প্ৰায়োগিক দিশ প্ৰদৰ্শন কৰা হ’ব। তেওঁ গ্ৰাম্যাঞ্চলৰ উদ্ভাৱনকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰিব।

প্ৰধানমন্ত্ৰীয়ে নানাজী দেশমুখ আৰু লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ প্ৰতিও পুষ্পাঞ্জলি তৰ্পন কৰিব।

প্ৰধানমন্ত্ৰীয়ে নানাজী দেশমুখৰ স্মাৰক ডাক টিকটো মুকলি কৰিব। তেওঁ জিলা পৰ্যায়ত উন্নয়নমুলক কামৰ সমন্বয় আৰু নিৰীক্ষণ কৰিব পৰা এক পৰ্টেলো মুকলি কৰিব। গাঁও পঞ্চায়ত পৰ্যায়ৰ কামৰ অগ্ৰগতিৰ তথ্য প্ৰদান কৰিব পৰা গ্ৰাম সংবাদ এপো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। সেইটো হৈছে-‘সুচনা ছে শ-শক্তিকৰণ’, অৰ্থাৎ তথ্যৰ দ্বাৰা সবলীকৰণ। প্ৰধানমন্ত্ৰীয়ে আইএআৰআইত এটা প্লাণ্ট ফেনোমিক সুবিধাৰো শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন স্থানৰ পৰা পৰা অহা আত্ম সহায়ক গোট, পঞ্চায়ত, পানী সংৰক্ষণৰ অভিনৱ উদ্ভাৱক তথা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীকে ধৰি ১০,০০০ লোকক সম্বোধন কৰিব

***

AKT/SH/VK/DB