Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ক্ষীপ্ৰগতি ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেৰ

ভাৰতৰ ক্ষীপ্ৰগতি ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেৰ

ভাৰতৰ ক্ষীপ্ৰগতি ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী আবেৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেই আজি যুটীয়াভাৱে মুম্বাই আৰু এলাহাবাদ সংযোগী ক্ষীপ্ৰগতিৰ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
এলাহাবাদত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে নতুন ভাৰতৰ যে ‘নতুন ভাৰত’ নিৰ্মাণৰ পথত উচ্চাকাংক্ষা আৰু ইচ্ছাশক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। দেশবাসীক এই উপলক্ষে অভিনন্দন জ্ঞাপন কৰি তেওঁ কয় যে বুলেট ট্রেন প্রকল্পৰ হাত ধৰি ৰে’ল পৰিবহণৰ ক্ষেত্রত প্রযুক্তি আৰু অগ্রগতিৰ এক বিশেষ মাত্ৰা লাভ কৰিব। ইয়াৰ সুফলো অচিৰেই পাব সেই সন্দৰ্ভতো তেওঁ আশা ব্যক্ত কৰে। ক্ষীপ্ৰগতিৰ এই ৰে’ল প্রকল্প গঢ়ি তোলাৰ কামত জাপানৰ আর্থিক আৰু প্রযুক্তিগত সহায়ৰ বাবে জাপানৰ প্রধানমন্ত্রীক ধন্যবাদ জনাইছো। শ্ৰীযুত শ্বিনজো আবেৰ বিশেষ প্রশংসা কৰি তেওঁ কয় যে এই প্রকল্পৰ অতি কম সময়ৰ ভিতৰতে আৰম্ভ কৰা হৈছে।
 
প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষীপ্ৰগতিৰ এই ৰে’ল প্রকল্পই কেৱল মুম্বাই আৰু আহমেদাবাদ চহৰ দুখনক ওচৰ চপাই নানে, একেসময়তে শ শ কিলোমিটাৰ দূৰত অৱস্থিত দুখন চহৰৰ বাসীন্দাসকলৰ মাজতো এক নিবিড় সম্পর্ক গঢ়ি তুলিব। তেওঁ কয় যে মুম্বাই আমেদাবাদ কৰিড’ৰত এক নতুন অর্থনৈতিক ব্যবস্থা গঢ়ি উঠিব আৰু ইয়াৰ ফলত সমগ্র অঞ্চল এটি মাত্র অর্থনৈতিক অঞ্চল ৰূপে পৰিগণিত হ’ব।
প্রধানমন্ত্রীয়ে কয় যে প্রযুক্তি সফল হয় তেতিয়া, যেতিয়া তাৰ সুফলবোৰ সাধাৰণ মানুহৰ ওচৰত পায়। এই প্রকল্পত যি প্রযুক্তি ব্যৱহাৰ কৰা হৈছে, সেয়া এফালে যেনেকৈ ভাৰতীয় ৰে’লক সমৃদ্ধ কৰিব, আনফালে সিমানেই ‘মেক ইন ইণ্ডিয়া’ আঁচনিক উৎসাহ যোগাব। ক্ষীপ্ৰগতিৰ এই ৰে’ল প্রকল্প পৰিৱেশ তথা মানৱজাতি অনুকূল হৈ উঠিব। ভৱিষ্যতে হাইস্পিড কৰিডৰটো যে দ্রুত বিকাশ আৰু অগ্রগতিৰ এক বিশেষ অঞ্চল হৈ উঠাৰ দিশে অগ্ৰসৰ হৈছে সেই কথাও প্রসংগক্ৰমে ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।  প্ৰধানমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিই চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ কাম চলাই গৈছে। যিমান পাৰি সোনকালে এই প্রকল্প ৰূপায়ণৰ কাম সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট সকলোকে একেলগে কাম কৰি যাব বুলি তেওঁৰ আশা ব্যক্ত কৰে।
 
ইয়াৰ আগেয়ে জাপানৰ প্রধানমন্ত্রী শ্ৰীযুত শ্বিনজো আবেই কয় যে ভাৰত-জাপান অংশীদাৰিত্ব কেৱল কৌশলগত এক বিশেষ সম্পর্ক নহয়, ই বৈশ্বিকো। তেওঁ আশা ব্যক্ত কৰে যে কেইবছৰ মানৰ ভিতৰতে ভাৰতৰ সৌন্দর্য বুলেট ট্রেইনৰ জৰিয়তে পৰিস্ফূট হ’ব।
***
AKT/SH/DB