পি এম ইণ্ডিয়া

আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ জীৰ জন্মজয়ন্তী, আৰু আজিয়েই লোকনায়ক জয়প্ৰকাশৰ অতি ঘনিষ্ঠ শ্ৰীমান নানাজী দেশমুখৰো জন্ম শতবাৰ্ষিকী।এই দুয়োজন মহানায়কে দেশৰ জনতাৰ হকে জীৱনৰ প্ৰতিটো পল অৰ্পণ কৰি গৈছে। লোকনায়ক জয়প্ৰকাশ নাৰায়ণ স্বাধীনতা যুঁজৰ সময়ছোৱাত সকলোৰে প্ৰেৰণা আছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনে ভৰপক ৰূপ ধৰিছিল।বৃটিছে মহাত্মা গান্ধী, চৰ্দাৰ পেটেল আদি ডাঙৰ ডাঙৰ নেতাসকলক জেইলত ভৰাই থৈছিল আৰু সেই সময়তে জয়প্ৰকাশ নাৰায়ণ, লোহিয়া জী আদি যুৱনেতাসকলে আন্দোলনটোক আগুৱাই লৈ গৈছিল।
সেই সময়তে জয়প্ৰকাশ জী যুৱপ্ৰজন্মৰ আদৰ্শ তথা প্ৰেৰণা হৈ পৰিছিল, অৱশ্যে স্বাধীনতা লাভৰ পিছত বিভিন্ন পৰিস্থিতিৰ মেৰপাকত জয়প্ৰকাশ জীয়ে নিজকে শাসন ব্যৱস্থাৰপৰা আঁতৰাই ৰাখিছিল।স্বাধীনতা লাভৰ পিছত জয়প্ৰকাশ জী আৰু তেখেতৰ পত্নী শ্ৰীমতী প্ৰভা দেৱী জীয়ে গ্ৰামোন্নয়ন আৰু জনকল্যাণৰ শপত গ্ৰহণ কৰিছিল।
নানাজী দেশমুখৰ বিষয়ে আমাৰ দেশৰ মানুহে সেই সময়ত বৰকৈ নাজানিছিল। তেওঁ দেশৰ হকে জীৱন অৰ্পণ কৰি গৈছে। জয়প্ৰকাশ জীয়ে পুনৰ ৰাজহুৱা জীৱন আৰম্ভ কৰি ছাত্ৰ আন্দোলনত জঁপিয়াই পৰিছিল। তেওঁক ৰখাবলৈ বহু ষড়যন্ত্ৰও চলিছিল। আৰু সেই সময়তে জয়প্ৰকাশ জীৰ কাষত থিয় দিছিল নানাজী দেশমুখ। তেওঁ সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ জয়প্ৰকাশ জীক সাহস দিছিল।মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হৈ থকা কালত নানাজী দেশমুখে কেবিনেট মন্ত্ৰী হোৱাৰো সুবিধা লাভ কৰিছিল। কিন্তু তেওঁ অতি বিনয়েৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি গ্ৰামোন্নয়নত মনোনিৱেশ কৰিছিল।চিত্ৰকূট আৰু গোণ্ডাক কেওঁৰ কৰ্মজীৱনৰ কেন্দ্ৰস্থল কৰি লৈছিল।
আজি মই অতি সুখী যে চৰকাৰে নানাজী দেশমুখৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আয়োজনৰ কাৰ্যসূচী হাতত লৈছে। ইয়াত জনতাৰ অংশ গ্ৰহণো দেখিবলৈ পোৱা গৈছে। গাওঁ সমূহৰ উন্নয়নৰ ক্ষেত্ৰত সকলো মানুহৰ অংশ গ্ৰহণ অতি প্ৰয়োজনীয় বুলি মহাত্মা গান্ধীয়েও কৈ গৈছিল। নানাজীও একেই আদৰ্শতে বিশ্বাসী আছিল।আমাৰ গাওঁ সমূহৰ পৰা দৰিদ্ৰতা নিবাৰণ তেওঁৰ মূল লক্ষ্য আছিল।সেয়ে তেওঁ গ্ৰামোন্নয়নৰ বাবে বহু পদক্ষেপ হাতত লৈছিল।
আজি যিসকল লোকে গাঁৱৰ জীৱনৰ কথা ভাৱে, যিসকলে গাঁৱৰ অৰ্থনীতি, কৃষিভিত্তিক জীৱনৰ কথা জানে, সেইসকলে নিজৰ নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছে। মই এটা কথা সুনিশ্চিত কৰিব খুজিছো যে চৰকাৰে আপোনালোকৰ সদিচ্ছাৰ প্ৰতি সন্মান জনাই সকলো ধৰণৰ সহায় সহযোগ আগবঢ়াব। এনে ধৰণৰ আলোচনা তথা পদক্ষেপ আমাৰ দেশত বহু বছৰ ধৰি লোৱা হোৱা নাছিল।আজি বিভিন্ন ঠাইৰ মানুহ ইয়াত নিজৰ সমস্য লৈ আহিছে।উন্নয়নৰ বাবে হাতত লোৱা আমাৰ ন ন পদক্ষেপ সমূহ সকলোৰে কামত আহিব বুলি আমি আশাবাদী। আমি সকলো ক্ষেত্ৰতে এক সহযোগ ব্যৱস্থা গঢ়ি তুলিব লাগিব। গাওঁসমূহৰ বহনক্ষম উন্নয়নত মনোযোগ দিব লাগিব। আৰু যদি আমি আমাৰ কাম সময় অনুপাতে কৰি যাব পাৰো, সম্পূৰ্ণকৈ আমাৰ প্ৰকল্পসমূহ ৰূপায়ণ কৰিব পাৰো, তেন্তে প্ৰগতিৰ এই গতি কোনো পধ্যেই থমকি নৰ’ব। কেৱল প্ৰকল্পসমূহৰ বাবে বাজেটৰ অনুমোদন কৰাই যথেষ্ট নহয়, বৰং কোনো লক্ষ্য প্ৰাপ্তিৰ বাবে আমাৰ এক মানসিকতা থাকিব লাগিব। সংকল্প থাকিব লাগিব। ২০২২ চনত ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি আমাৰ দেশক এক নতুন শিখৰত উপনীত কৰাৰ লক্ষ্য বান্ধি ল’ব লাগিব। সকলো গাওঁবাসীৰ মুখত আমি হাঁহি বিৰিঙাব পাৰিব লাগিব। গাঁৱৰ উন্নয়ন সম্ভৱ হ’লেহে দেশৰ প্ৰকৃত উন্নয়ন সম্ভৱ হ’ব। আজি গাওঁসমূহত বাস কৰা লোকসকলেও চহৰৰ বাসিন্দাৰ সমানে আৰামদায়ক জীৱন কটাব বিচাৰে। সেই সুবিধা আমি গাওঁসমূহত দিব পাৰিব লাগিব। গাওঁসমূহতো চহৰৰ দৰে বিজুলিৰ পোহৰ পৰিব লাগিব।টি ভি চলিব লাগিব। গাঁৱৰ শিশু-যুৱক-যুৱতীয়েও শিক্ষাৰ পোহৰ পাব লাগিব।বিজ্ঞান প্ৰযুক্তিৰ দিশত আগবাঢ়ি যোৱাৰ সুবিধা পাব লাগিব।
আজিকালি শিক্ষক, ডাক্তৰসকলে গাঁৱত সেৱা প্ৰদান কৰিবলৈ আগ্ৰহী নহয়। যদি আমি সকলো গাওঁ আধুনিক কৰি তুলিব পাৰো, সংযোগ তথা যোগাযোগ ব্যৱস্থা, ৰাস্তা-ঘাট ভাল কৰিব পাৰো, থকা-খোৱাৰ উপযুক্ত সুবিধা কৰিব পাৰো, এনে বৈষম্য শিক্ষক, ডাক্তৰসকলৰ মনলৈ অহাৰ কোনো থলেই নাথাকিব। যদি গাওঁমূহত শিক্ষক, ডাক্তৰ সকলো সময়তে উপলব্ধ থাকে তেন্তে চিন্তাৰ কোনো কথাই নাথাকিব।তেনে এক সপোনেই মহাত্মা গান্ধী, দীনদয়াল উপাধ্যায়, জয়প্ৰকাশ জী, নানাজী, সকলোৱে দেখিছিল।গাওঁসমূহৰ নতুন ৰূপ তেওঁলোকে আশা কৰিছিল।
আমি সম্পদৰ অভাৱত প্ৰতিজন লোকলৈ সকলো সুবিধা আগবঢ়াব পৰা নাই, এনে কথা মই বিশ্বাস নকৰো। আমাৰ দেশত সম্পদৰ অভাৱ নাই। অভাৱ আছিল যদি সেয়া ভাল প্ৰশাসনৰ অভাৱ। আপুনি, মই আগৰ চৰকাৰৰ দিনত বহুবোৰ গ্ৰামোন্নয়নৰ আঁচনি প্ৰত্যক্ষ কৰিলো, আঁচনিবোৰ ভালেই, কিন্তু তাৰ সঠিক ৰূপায়ণ নহয়।ভাল প্ৰশাসন থকা হ’লে এই অৱস্থা নহ’লহেঁতেন। সেয়ে আমি গ্ৰামোন্নয়নৰ বাবে প্ৰশাসন ব্যৱস্থাক সঠিক কৰি তোলাত অধিক মনোযোগ দিছো।
আজি ডিজিটেল ডেশ্ববোৰ্ড – ‘দিশা’ আপোনালোকলৈ আগবঢ়োৱা হৈছে। ইয়াৰদ্বাৰা সকলো বস্তু কেন্দ্ৰীয়ভাৱে পৰ্যবেক্ষণ কৰিব পৰা হ’ব। সকলো বস্তুৰ পুনৰীক্ষণ কৰিব পৰা যাব। যদি আঁচনিত কিবা অসুবিধা দেখা পোৱা যায়, তাৰ শুধৰণি কৰা হ’ব। যদি মানুহৰ কিবা সমস্যা দেখা যায়, তাৰ সমাধান কৰা হ’ব। এই ডিজিটেল ডেশ্ববোৰ্ড – ‘দিশা’ক সকলো গাঁৱৰ লগত সংযোগ কৰা হ’ব। তাৰবাবে আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত এক উমৈহতীয়া আগ্ৰহৰ অতি প্ৰয়োজন। তাৰবাবে আমি ৰাইজৰ প্ৰতিনিধি বিচাৰি কামত লগাইছো।সাংসদসকলে সকলো আঁচনিৰ অগ্ৰগতি ইয়াৰ জৰিয়তে জানিবলৈ পাব আৰু সেইমতে কাৰ্যপন্থা হাতত ল’ব পাৰিব। ইয়াৰ ফলত বিকাশৰ গতি ক্ষীপ্ৰতৰ হ’ব বুলি আশা কৰা হৈছে। গণতন্ত্ৰৰ সফলতা কেৱল বেলট বাকচৰ সফলতাই নিৰ্ধাৰণ নকৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ দেশত অতবছৰে সেয়াই হৈ আছে। দেশৰ উন্নয়নৰ যাত্ৰাত সাধাৰণ জনতা অংশীদাৰ হ’বই লাগিব। আৰু সেয়ে আজি মোবাইল এপৰ যোগেদিও সাধাৰণ জনতাই চৰকাৰৰ কাম কাজৰ বুজ লব পৰা সুবিধা কৰা হৈছে।আজি এজন চহা গাঁৱলীয়া নাগৰিকেও প্ৰশ্ন উত্থাপন কৰে, মহোদয় আপুনি কোৱা আঁচনিখন দেখোন মোৰ মোবাইলত দেখুওৱা খন নহয়, এই কাম আমাৰ ইয়াত হোৱা নাই। মোবাইল প্ৰযুক্তিয়ে সকলোকে সক্ষম কৰি তুলিছে।
বহু বস্তু দেশত মুকলি কৰা হৈছে। আজি কৃষি বিভাগৰ ফনেমিক কেন্দ্ৰ মুকলি কৰা হ’ল। পশুপালন আৰু কৃষি ভাৰতীয় গ্ৰাম্যজীৱনৰ প্ৰণকেন্দ্ৰ। লগতে আমাৰ গ্ৰাম্য কূটীৰ শিল্পৰ লগত জড়িত সকলৰো গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আছে। সেয়ে আমি কৃষকৰ লগতে গ্ৰাম্য কূটীৰ শিল্পৰ লগত জড়িত লোকসকলৰ কল্যাণৰ বাবেও বিভিন্ন আঁচনি হাতত লৈছো। তেওঁলোকৰ সবলীকৰণত গুৰুত্ব দিছো। ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য আগত ৰাখি আগবাঢ়িছো। প্ৰযুক্তিৰ সদব্যৱহাৰৰ যোগেদি বিকাশৰ গতি খৰতকীয়া কৰাত মনোযোগ দিছো।
সমগ্ৰ বিশ্বতে মৌমাখিৰ পৰা হোৱা মমৰ চাহিদা ৰসায়নিক মমতকৈ অধিক হোৱা দেখা গৈছে। আমি গাওঁসমূহত মৌ পালনৰ বাবে অনুপ্ৰেৰণা যোগাইছো।বৈজ্ঞানিকভাৱে যদি এই কাম কৰা হয়, তেন্তে কৃষকসকলে অধিক লাভ কৰাৰ সম্পূৰ্ণ সুবিধা আছে।ভাৰতৰ এই ক্ষেত্ৰত সামৰ্থ আছে, কেৱল সঠিক পথেৰে আগুৱাই যোৱা প্ৰয়োজন।
কৃষি, পশুপালন, কাঠৰ ব্যৱসায় – যিয়েই নহওক কিয় সকলো দিশতে গ্ৰাম্য অৰ্থনীতিক উন্নত কৰিব পৰা প্ৰচুৰ সম্ভাৱনীয়তা লুকাই আছে। পাঁচৰ পৰা দহ বছৰৰ উপযুক্ত পৰিশ্ৰমে কোনো পৰিয়ালকে কেতিয়াও অভাৱৰ সন্মূখীন হ’বলৈ নিদিব বুলি মোৰ দৃঢ় বিশ্বাস।
আজি মানুহ সজাগ হৈছে। মোৰ সৌভাগ্য যে আজি সকলোৱে পৰিৱৰ্তন বিচাৰিছে।শৌচালয় নিৰ্মাণৰ যি অভিযান আমি আৰম্ভ কৰিলো তাত অভাৱনীয় সঁহাৰি দেখা গ’ল। মুকলিত শৌচ কৰাৰ বদ অভ্যাসৰ পৰা আজি আমাৰ দেশৰ লোক মুক্ত হ’ল। গাঁৱৰ মাতৃ-ভগ্নীসকলৰ সন্মান ৰক্ষা হ’ল।কালিলৈকে যাক আমি শৌচালয় বুলিছিলো আজি আমি তাক ‘সন্মানৰ ঘৰ’ আখ্যা দিছো। মই সকলো কাম এফালে থৈ এই কামত সেয়ে প্ৰথমেই মনোযোগ দিছিলো।
আঢ়ৈ লাখ গাওঁ এতিয়ালৈকে মুকলিত শৌচ কৰাৰ বদ অভ্যাসৰ পৰা মুক্ত হ’ল।মই এই সকলো গাঁৱকে অভিনন্দন জনাইছো। তেওঁলোকে আমাৰ মাতৃ-ভগ্নীসকলৰ সন্মান ৰক্ষাৰ বাবে এক ডাঙৰ পদক্ষেপ হাতত ল’লে।মই তেওঁলোকক এই গুৰুত্বপূৰ্ণ কাম সমাধা কৰাৰ বাবে প্ৰণিপাত জনাইছো।
আজি স্বচ্ছতা আমাৰ গাওঁবিলাকৰ প্ৰধান চৰিত্ৰ হৈ পৰিছে। মানুহে ইয়াক এক দায়িত্ব হিচাপে গ্ৰহণ কৰিছে। স্বাধীনতাৰ ৭০ বছৰৰ পিছতো আমাৰ বহুকেইখন গাঁৱত মানুহে ১৮শ শতিকাৰ জীৱন ধাৰণ কৰি আছিল। বিদ্যতৰ সংযোগ তাত নাছিল। আমি ১০০০ দিনৰ ভিতৰত ১৮০০০ গাঁৱত বৈদ্যুতিকৰণ সম্ভৱ কৰি তুলিলো। তাৰ পিছত আমি সকলো ঘৰলৈকে বাল্বৰ যোগানো দিলো। এতিয়া আমাৰ লক্ষ্য সকলো ঘৰতে ২৪ ঘন্টাই বিজুলি সৰবাৰাহ সম্ভৱ কৰি তোলা আৰু আমি সেই লক্ষ্যতো উপনীত হ’ব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। ইয়াৰ ফলত গাওঁসমূহত ল’ৰা-ছোৱালীয়ে পঢ়া শুনা কৰাত সুবিধা হ’ল।তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হ’ল।চহৰীয়া মানুহৰ সৰু সৰু কিছুমান কামে সাধাৰণ নাগৰিকৰ জীৱনলৈ বহু পৰিৱৰ্তন আনিব পাৰে। দেৱালীত মাটিৰ চাকি ক্ৰয় কৰি আমি গাঁৱৰ কুমাৰজনক আৰ্থিকভাৱে সকাহ দিব পাৰো। চহৰসমূহে গাওঁসমূহক বজাৰ এখন প্ৰদান কৰিব পাৰে। পণ্ডিত দীনদয়াল জীয়ে ‘অন্ত্যোদয়া’ৰ সপোন দেখিছি। আজি নানাজীৰ জন্ম শতবাৰ্ষিকীত ভাৰত চৰকাৰে এটা ডাক টিকটো মুকলি কৰিছে। মোৰ বিশ্বাস সেই ডাক টিকট দেখি মানুহে নিশ্চয় নানাজীৰ বিষয়ে জানিবলৈ ইচ্ছুক হ’ব যাৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল দেশৰ গাওঁসমূহৰ উন্নয়ন। তেওঁ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে গাওঁসমূহক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা হাতত লৈছিল।আজি নানাজীৰ জন্ম শতবাৰ্ষিকীত ভাৰতৰ চুকে কোণে থকা গাওঁসমবহৰ পৰা মানুহ আহিছে। মই ভাৱো ২০২২ চনলৈকে, ভাৰতৰ স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ হোৱালৈকে প্ৰতিখন গাঁৱে উন্নয়নৰ নিজাববীয়া সংকল্প গ্ৰহণ কৰিবলৈ সক্ষম হটব।আমি একেলগে আগুৱাব লাগিব। প্ৰতিখন ৰাজ্যই যিদৰে উন্নয়নৰ দিশত আগবাঢ়িছে মই দেখি অতি আনন্দিত হৈছো। মই আজি প্ৰদৰ্শনীখনতো সেয়া দেখিবলৈ পাইছো। আপোনালোকেও প্ৰদৰ্শনীত এপাক মাৰি যাব। মই নানজীলৈ পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মই জয়প্ৰকাশ জীকো স্মৰণ কৰিছো। বিভিন্ন গাঁৱৰ পৰা অহা মোৰ ভাতৃ-ভগ্নীসকলক অভিনন্দন জনাইছো। ধন্যবাদ জনাইছো I
***
AKT/AK/SH/KT/RSB/AK/PRK
Today, we pay tributes to the great Loknayak JP and Nanaji Deshmukh, who worked closely with JP. Both these individuals distinguished themselves and devoted their lives towards the betterment of our nation: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017
Loknayak JP was deeply popular among youngsters. The likes of Loknayak JP and Dr. Lohia were active during the 'Quit India' movement, inspired by the clarion call of Mahatma Gandhi. JP was never interested in power politics: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017
Loknayak JP fought corruption in the nation. His leadership rattled those in power that time and during a march he was even attacked. At that time, standing shoulder to shoulder with him was Nanaji Deshmukh: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017
When Janata Government was formed in 1977, Nanaji Deshmukh was requested to join the Government as a Minister but he did not do so. He followed JP and preferred to devote himself towards rural development and making our villages self-reliant, free from poverty: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017
Just having the best ideas for development are not enough. Initiatives have to be completed on time and the fruits of development must reach the intended beneficiaries. Efforts have to be comprehensive and 'outcome driven' not 'output driven' : PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017
Facilties that are associated with cities must also be made available to our villages: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017
Strength of a democracy cannot be restricted to how many people vote. Yes, that is important but the real essence of a democracy is Jan Bhagidari and integrating people in the development journey of cities, villages. Regular Samvad with governments is required: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017
Lack of sanitation facilities is adversely impacting the development journey of villages. That is why we have been working to overcome this and build toilets in rural areas: PM @narendramodi
— PMO India (@PMOIndia) October 11, 2017