পি এম ইণ্ডিয়া
মোৰ প্ৰিয় দেশবাসীসকল,
নমস্কাৰ। ‘মন কি বাত’লৈ আকৌ এবাৰ স্বাগতম। নৱেম্বৰ মাহটোৱে লগত লৈ আহিছিল বহু প্ৰেৰণা। মাত্ৰ কেইদিনমানৰ আগতে ২৬ নৱেম্বৰত ‘সংবিধান দিৱস’ত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ভৱিষ্যত প্ৰজন্মৰ বাবে দেশজোৰা কাৰ্যসূচীৰ সূচনা কৰা হৈছিল। ২৫ নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰত ধৰ্মধ্বজা উত্তোলন কৰা হয়। সেইদিনা কুৰুক্ষেত্ৰৰ জ্যোতিসৰত পাঞ্চজন্য স্মাৰক উদ্বোধন কৰা হয়।
বন্ধুসকল,
মাত্ৰ কেইদিনমানৰ আগতে হায়দৰাবাদত বিশ্বৰ সৰ্ববৃহৎ লিপ ইঞ্জিন এম আৰ অ’ৰ সুবিধা উদ্বোধন কৰিছিলো। বিমানৰ ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল খণ্ডত ভাৰতে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা সপ্তাহত মুম্বাইত আয়োজিত এক অনুষ্ঠানৰ সময়ত আই এন এছ ‘মাহে’ক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। মাত্ৰ যোৱা সপ্তাহত স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ মহাকাশ পৰিৱেশ তন্ত্ৰক এক নতুন শক্তি দিলে। এয়া ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন, যুৱ শক্তিৰ প্ৰতিফলন।
বন্ধুসকল,
কৃষি খণ্ডতো এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে দেশে। ভাৰতে ৩৫৭ নিযুত টন খাদ্য শস্য উৎপাদনেৰে এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তিনিশ সাতান্ন নিযুত টন! ১০ বছৰৰ আগৰ তুলনাত ভাৰতৰ খাদ্য শস্যৰ উৎপাদন ১০০ নিযুত টন বৃদ্ধি পাইছে। ক্ৰীড়া জগততো ভাৰতে গৌৰৱ অৰ্জন কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে ভাৰতক কমনৱেলথ গেমছৰ আয়োজক হিচাপে ঘোষণা কৰা হৈছে। এই কৃতিত্বসমূহ দেশৰ; দেশৰ নাগৰিকসকলৰ বাবে। ‘মন কি বাত’ দেশবাসীৰ এনে কৃতিত্ব উদযাপনৰ, জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ বাবে এক উৎকৃষ্ট মঞ্চ।
বন্ধুসকল,
যদি মনত সমৰ্পণ, সামূহিক শক্তিৰ প্ৰতি বিশ্বাস আৰু দলবদ্ধভাবে কাম কৰা আৰু পতনৰ পিছত পুনৰ উথ্থানৰ সাহস থাকে, তেন্তে কঠিন কামতো সফলতা নিশ্চিত। কল্পনা কৰকচোন সেই যুগটো যেতিয়া উপগ্ৰহ নাছিল, জিপিএছ ব্যৱস্থা নাছিল, নেভিগেচনৰ সুবিধা নাছিল। তেতিয়াও আমাৰ নাৱিকসকলে ডাঙৰ ডাঙৰ জাহাজেৰে যাত্ৰা কৰি গন্তব্যস্থানত উপস্থিত হৈছিল। এতিয়া সাগৰৰ অতিক্ৰমি আগবাঢ়ি গৈ সমগ্ৰ বিশ্বৰ দেশসমূহে মহাকাশৰো অসীম উচ্চতা পৰিমাপ কৰি আছে। তাতো প্ৰত্যাহ্বান একেই; জিপিএছ ব্যৱস্থা নাই, যোগাযোগ ব্যৱস্থা নাই… গতিকে আমি কেনেকৈ আগবাঢ়িম?
বন্ধুসকল,
কিছুদিন আগতে ছ’চিয়েল মিডিয়াৰ এটা ভিডিঅ’ই মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই ভিডিঅ’টো আছিল ইছৰোৰ উদ্যোগত আয়োজিত এক অনন্য ড্ৰোন প্ৰতিযোগিতাৰ। এই ভিডিঅ’টোত আমাৰ দেশৰ যুৱক-যুৱতীসকলে বিশেষকৈ আমাৰ জেন-জেড-এ মঙল গ্ৰহৰ দৰে পৰিস্থিতিত ড্ৰ’ন উৰুৱাবলৈ চেষ্টা কৰিছিল। ড্ৰ’নবোৰ উৰি যাব, কেইমুহূৰ্তমান ভাৰসাম্য ৰক্ষা কৰি থাকিব আৰু তাৰ পিছত হঠাতে মাটিত পৰিব। কিয় জানেনে? কাৰণ তাত উৰি থকা ড্ৰোনবোৰৰ বাবে জিপিএছ সমৰ্থন একেবাৰেই নাছিল।
মঙল গ্ৰহত জিপিএছ সম্ভৱ নহয়, গতিকে ড্ৰ’নে কোনো ধৰণৰ বাহ্যিক সংকেত বা নিৰ্দেশনা লাভ কৰিব নোৱাৰে। কেমেৰা আৰু ইনবিল্ট চফটৱেৰৰ সহায়ত ড্ৰ’নবোৰ উৰিব লগীয়া হৈছিল। সেই সৰু ড্ৰ’নে মাটিৰ আৰ্হি চিনি পাব লাগিছিল, উচ্চতা জুখিব লাগিছিল, বাধা বুজিব লাগিছিল আৰু নিৰাপদ অৱতৰণৰ পথ বিচাৰি উলিয়াব লাগিছিল। যাৰ বাবে ইখনৰ পিছত সিখনকৈ ড্ৰ’ন তললৈ নামি আহিছিল।
বন্ধুসকল,
এই প্ৰতিযোগিতাত পুনেৰ যুৱক-যুৱতীৰ এটা দলে কিছু সফলতা অৰ্জন কৰে। তেওঁলোকৰ ড্ৰ’নখনো কেইবাবাৰো পৰি দুৰ্ঘটনাগ্ৰস্ত হয় যদিও তেওঁলোকে হাৰ নামানিলে। কেইবাবাৰো চেষ্টা কৰাৰ অন্তত এই দলটোৰ ড্ৰ’নে কিছু সময় মঙল গ্ৰহৰ পৰিৱেশত উৰণ কৰিবলৈ সক্ষম হয়।
বন্ধুসকল,
এই ভিডিঅ’টো চাই থাকোঁতে মোৰ মনলৈ আন এটা দৃশ্য আহিল: চন্দ্ৰযান-২ সংস্পৰ্শৰ পৰা আঁতৰি যোৱা দিনটো। সেইদিনা সমগ্ৰ দেশ, বিশেষকৈ বিজ্ঞানীসকল ক্ষণিকৰ বাবে হতাশ হৈ পৰিল।
কিন্তু বন্ধুসকল, বিফলতাই তেওঁলোকক বাধা নিদিলে। সেইদিনাই তেওঁলোকে চন্দ্ৰযান-৩ৰ সফলতাৰ কাহিনীৰ চিত্ৰনাট্য লিখিবলৈ আৰম্ভ কৰিলে। সেইবাবেই যেতিয়া চন্দ্ৰযান-৩ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া সেয়া কেৱল এটা অভিযানৰ সফলতাই নাছিল। বিফলতাৰ পৰা ওলাই অহাৰ পিছত গঢ় লৈ উঠা নতুন আত্মবিশ্বাসৰ সফলতা আছিল। এই ভিডিঅ’টোত দেখা পোৱা যুৱক-যুৱতীসকলৰ চকুত সেই একেই স্ফুলিংগ দেখিলোঁ।
প্ৰতিবাৰেই আমাৰ যুৱক-যুৱতীসকলৰ সমৰ্পণ আৰু আমাৰ বিজ্ঞানীসকলৰ দায়বদ্ধতাৰ মনোভাৱ দেখিলেই মোৰ হৃদয় উদ্যমেৰে ভৰি পৰে। যুৱক-যুৱতীসকলৰ এই সমৰ্পণেই বিকশিত ভাৰতৰ অন্যতম ডাঙৰ শক্তি।
মোৰ প্ৰিয় দেশবাসীসকল,
আপোনালোক সকলোৱে মৌৰ মিঠাৰ লগত পৰিচিত, কিন্তু আমি প্ৰায়ে গম নাপাওঁ যে ইয়াত কিমান কষ্ট, পৰম্পৰা আৰু প্ৰকৃতিৰ লগত সান্নিধ্যৰ কথা সোমাই আছে।
বন্ধুসকল,
জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত মৌমাখিয়ে বনৰীয়া তুলসীৰ পৰা এক অনন্য মৌ সংগ্ৰহ কৰে, যাক চুলাই বুলিও কোৱা হয়। বগা ৰঙৰ এই মৌক ৰামবান চুলাই মৌ বুলি কোৱা হয়। কেইবছৰমান আগতে ৰামবান চুলাই মৌৱে জি আই টেগ লাভ কৰিছিল। ইয়াৰ পিছত এই মৌৱে সমগ্ৰ দেশতে স্বীকৃতি লাভ কৰি আহিছে।
বন্ধুসকল,
দক্ষিণ কানাড়া জিলাৰ পুত্তুৰত থকা গছ-গছনি মৌ উৎপাদনৰ বাবে উৎকৃষ্ট বুলি গণ্য কৰা হয়। ইয়াত ‘গ্ৰামজন্য’ নামৰ কৃষক সংগঠন এটাই প্ৰকৃতিৰ এই উপহাৰক এক নতুন দিশ দিছে। ‘গ্ৰামজন্য’ই এটা আধুনিক প্ৰচেছিং গোট স্থাপন কৰিছে… এটা লেব, বটলিং, ষ্ট’ৰেজ আৰু ডিজিটেল ট্ৰেকিঙৰ সুবিধা যোগ কৰা হৈছে। এতিয়া ব্ৰেণ্ডেড প্ৰডাক্ট হিচাপে এই মৌ গ্ৰাম্য অঞ্চলৰ পৰা চহৰবোৰলৈ গৈ আছে। এই প্ৰচেষ্টাৰ দ্বাৰা ডেৰ-দুই হাজাৰৰো অধিক কৃষক উপকৃত হৈছে।
বন্ধুসকল,
কৰ্ণাটকৰ টুমকুৰু জিলাত ‘শিৱগংগা কলঞ্জিয়া’ নামৰ এটা সংগঠনৰ প্ৰচেষ্টাও প্ৰশংসনীয়। প্ৰতিগৰাকী সদস্যক প্ৰথম অৱস্থাত দুটা মৌমাখিৰ বাকচ দিয়া হয়। এনেদৰে এই সংস্থাটোৱে বহু কৃষকক নিজৰ অভিযানৰ সৈতে সংযোগ কৰিছে। এতিয়া এই সংস্থাৰ লগত জড়িত কৃষকসকলে যৌথভাৱে মৌ সংগ্ৰহ কৰি ভালদৰে পেকেজ কৰে আৰু স্থানীয় বজাৰলৈ পঠিয়াই দিয়ে। ইয়াৰ ফলত তেওঁলোকৰ লাখ লাখ টকা উপাৰ্জন হৈছে। একেধৰণৰ উদাহৰণ নাগালেণ্ডত ক্লিফ-মৌৰ ক্ষেত্ৰতো পোৱা যায় ।
নাগালেণ্ডৰ চোকলাংগান গাঁৱৰ খিয়ামনী-য়াংগান জনগোষ্ঠীয়ে যুগ যুগ ধৰি মৌ সংগ্ৰহত ব্যস্ত হৈ আহিছে। তাত মৌমাখিয়ে গছৰ ওপৰত নহয় , ওখ শিলৰ ওপৰত নিজৰ বাসস্থান নিৰ্মাণ কৰে। গতিকে মৌ সংগ্ৰহৰ কামটোও অতি বিপজ্জনক । সেইবাবেই, তাত থকা মানুহবোৰে প্ৰথমে মৌমাখিবোৰৰ লগত ভদ্ৰভাৱে সম্পৰ্ক স্থাপন কৰে , সেইবোৰৰ পৰা অনুমতি লয়। মৌ সংগ্ৰহ কৰিবলৈ আহিছে বুলি কয়, তাৰ পিছত মৌ উলিয়াই দিয়ে।
বন্ধুসকল,
আজি ভাৰতে মৌ উৎপাদনত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ১১ বছৰ পূৰ্বে দেশত মৌ উৎপাদন আছিল ৭৬ হাজাৰ মেট্ৰিক টন। এতিয়া ই ১.৫ লাখ মেট্ৰিক টনতকৈও অধিকলৈ বৃদ্ধি পাইছে। যোৱা কেইবছৰমানৰ ভিতৰত মৌৰ ৰপ্তানিও তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে। হনি মিছন কাৰ্যসূচীৰ অধীনত খাদী গ্ৰামোদ্যোগে ৰাইজৰ মাজত ২.২৫ লাখৰো অধিক মৌমাখিৰ বাকচো বিতৰণ কৰিছে। ইয়াৰ ফলত হাজাৰ হাজাৰ লোকে নতুনকৈ কৰ্মসংস্থাপনৰ সুযোগ পাইছে…অৰ্থাৎ দেশৰ অসংখ্য চুকত বিয়পি পৰিছে মৌৰ মিঠা। আৰু এই মিঠাই কৃষকৰ উপাৰ্জনো বৃদ্ধি কৰিছে।
মোৰ প্ৰিয় দেশবাসীসকল,
আমি সকলোৱে জানো যে মহাভাৰতৰ যুদ্ধ হাৰিয়ানাৰ কুৰুক্ষেত্ৰত হৈছিল। কিন্তু এতিয়া আপুনি এই যুদ্ধখন আক্ষৰিক অৰ্থত অনুভৱ কৰিব পাৰিব, মহাভাৰত অভিজ্ঞতা কেন্দ্ৰত। পোহৰ আৰু শব্দ প্ৰদৰ্শন তথা ডিজিটেল কৌশল ব্যৱহাৰ কৰি থ্ৰীডি ৰূপত উপস্থাপন কৰা হৈছে মহাভাৰতৰ কাহিনী। ২৫ নৱেম্বৰত যেতিয়া কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিছিলো, এই অনুভৱ কেন্দ্ৰত হোৱা অভিজ্ঞতাই মোৰ মন আনন্দৰে ভৰাই তুলিছিল।
বন্ধুসকল,
কুৰুক্ষেত্ৰৰ ব্ৰহ্ম সৰোৱৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত অংশগ্ৰহণ কৰাটোও মোৰ বাবে অতি বিশেষ কথা আছিল। ঐশ্বৰিক শাস্ত্ৰ গীতাৰ দ্বাৰা কেনেদৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে অনুপ্ৰাণিত হৈ আছে সেয়া দেখি মই গভীৰভাৱে আপ্লুত হৈছিলোঁ।
ইউৰোপ আৰু মধ্য এছিয়াকে ধৰি বিশ্বৰ বহু দেশৰ লোকে এই উৎসৱত অংশগ্ৰহণ কৰিছে। চলিত মাহৰ আৰম্ভণিতে ছৌদি আৰৱত প্ৰথমবাৰৰ বাবে ৰাজহুৱা মঞ্চত গীতা পৰিবেশন কৰা হৈছিল। ইউৰোপৰ লাটভিয়াতো এক স্মৰণীয় গীতা মহোৎসৱৰ আয়োজন কৰা হয়। এই উৎসৱত লাটভিয়া, ইষ্ট’নিয়া, লিথুৱেনিয়া, আলজেৰিয়াৰ শিল্পীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰিছিল।
বন্ধুসকল,
ভাৰতৰ মহান সংস্কৃতিত শান্তি আৰু মমতাৰ মনোভাৱ সৰ্বোচ্চ হৈ আহিছে। দ্বিতীয় বিশ্বযুদ্ধৰ কথা কল্পনা কৰক, যেতিয়া সকলোতে ধ্বংসৰ ভয়ানক পৰিৱেশ বিৰাজ কৰিছিল। এনে কঠিন সময়ত গুজৰাটৰ নৱনগৰৰ জাম চাহেব মহাৰাজা দিগ্বিজয় সিং জীয়ে কৰা মহান কামে আজিও আমাক অনুপ্ৰাণিত কৰি ৰাখিছে। সেই সময়ত জাম চাহাবে কোনো কৌশলগত মিত্ৰতা বা যুদ্ধ কৌশলৰ কথা চিন্তা কৰা নাছিল। বৰঞ্চ তেওঁৰ চিন্তা আছিল বিশ্বযুদ্ধৰ সময়ত পোলেণ্ডৰ ইহুদী শিশুসকলক কেনেকৈ সুৰক্ষিত কৰা যায় । তেওঁ গুজৰাটত হাজাৰ হাজাৰ শিশুক আশ্ৰয় দি নতুন জীৱন দিলে; যিটো আজিও এক আদৰ্শ হৈয়ে আছে। কিছুদিন পূৰ্বে দক্ষিণ ইজৰাইলৰ মোছাভ নেভাটিমত জাম চাহাবৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। এয়ী আছিল এক অতি বিশেষ সন্মান। যোৱা বছৰ পোলেণ্ডৰ ৱাৰ্ছত জাম চাহাবৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য হৈছিল। সেই মুহূৰ্তটো মোৰ বাবে অবিস্মৰণীয় হৈ থাকিব।
মোৰ প্ৰিয় দেশবাসীসকল,
কিছুদিন আগতে প্ৰাকৃতিক কৃষিৰ বিষয়ত এখন মেগা কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ কইম্বাটুৰ ভ্ৰমণ কৰিছিলো। দক্ষিণ ভাৰতত প্ৰাকৃতিক খেতিৰ দিশত যি প্ৰচেষ্টা চলি আছে, সেই প্ৰচেষ্টাই মোক গভীৰভাৱে আপ্লুত কৰিছিল। বহু যুৱ, উচ্চ যোগ্যতাসম্পন্ন পেছাদাৰীয়ে এতিয়া প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰখন গ্ৰহণ কৰিছে। তাত কৃষকৰ লগত কথা পাতি তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিব পাৰিলোঁ। প্ৰাকৃতিক কৃষি ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ এটা অংশ হৈ আহিছে আৰু পৃথিৱী মাতৃক ৰক্ষাৰ বাবে ইয়াৰ বিষয়ে নিৰন্তৰ প্ৰচাৰ কৰাটো আমাৰ কৰ্তব্য।
বন্ধুসকল,
বিশ্বৰ আটাইতকৈ পুৰণি ভাষা আৰু বিশ্বৰ অন্যতম পুৰণি চহৰৰ সংগম সদায় এক আচৰিত অভিজ্ঞতা। ‘কাশী তামিল সংগমম’ৰ কথা কৈছোঁ। ২ ডিচেম্বৰৰ পৰা কাশীৰ নমো ঘাটত চতুৰ্থ কাশী-তামিল সংগম আৰম্ভ হৈছে। এইবাৰৰ কাশী-তামিল সংগমমৰ এটা অতি আমোদজনক বিষয়বস্তু: তামিল শিকক – তামিল কাৰ্কালাম। কাশী-তামিল সংগম তামিল ভাষাৰ প্ৰতি আকৃষ্ট সকলোৰে বাবে এক গুৰুত্বপূৰ্ণ মঞ্চত পৰিণত হৈছে।
যেতিয়াই কাশীবাসীৰ লগত কথা পাতে… তেওঁলোকে সদায় কয় যে তেওঁলোকে কাশী-তামিল সংগমৰ অংশ হৈ ভাল পায়। ইয়াত তেওঁলোকে নতুন কিবা এটা শিকিবলৈ আৰু নতুন মানুহ লগ পোৱাৰ সুযোগ পায়। এইবাৰো কাশীবাসীয়ে তামিলনাডুৰ পৰা অহা নিজৰ ভাই-ভনীসকলক সম্পূৰ্ণ উৎসাহেৰে আদৰিবলৈ অতি আগ্ৰহী। আপোনালোক সকলোকে কাশী-তামিল সংগমমৰ অংশ হ’বলৈ আহ্বান জনাইছো।
ইয়াৰ লগতে অন্যান্য মঞ্চৰ কথাও বিবেচনা কৰক, যিয়ে ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰে।
ইয়াত মই পুনৰ ক’ব বিচাৰিছো:
তামিল কলাচাৰম উয়াৰবানাদ
তামিল মলি উয়াৰবানাদ
তামিল ইণ্ডিয়াভিন পেৰুমিডাম |
(অসমীয়া অনুবাদ)
তামিল সংস্কৃতি মহান।
তামিল ভাষা মহান।
তামিল ভাৰতৰ গৌৰৱ
মোৰ প্ৰিয় দেশবাসীসকল,
ভাৰতৰ নিৰাপত্তা পৰিৱেশ ব্যৱস্থা শক্তিশালী হ’লে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে। যোৱা সপ্তাহত মুম্বাইত ভাৰতীয় নৌসেনাত আইএনএছ ‘মাহে’ক অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ থলুৱা ডিজাইনৰ বিষয়ে কিছুমানৰ মাজত বহুলভাৱে চৰ্চিত হৈছিল। একে সময়তে পুডুচেৰী আৰু মালাবাৰ উপকূলৰ লোকসকলক ইয়াৰ নামটোৱেই আনন্দিত হৈছিল। আচলতে চহকী ঐতিহাসিক ঐতিহ্য থকা ঠাই মাহেৰ নামেৰেই ইয়াৰ নাম ‘মাহে’ ৰখা হৈছে।
কেৰালা আৰু তামিলনাডুৰ বহুতে লক্ষ্য কৰিছিল যে যুদ্ধজাহাজখনৰ শিখৰৰ উৰুমি আৰু কালাৰিপায়ট্টুৰ পৰম্পৰাগত নমনীয় তৰোৱালৰ সৈতে মিল আছে। আমাৰ নৌসেনাই আত্মনিৰ্ভৰশীলতাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে সেয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।
আমি ৪ ডিচেম্বৰত নৌসেনা দিৱস উদযাপন কৰিম। এই উপলক্ষে আমাৰ জোৱানসকলৰ অদম্য সাহস আৰু বীৰত্বক সন্মান জনোৱাৰ এক বিশেষ দিন।
বন্ধুসকল,
নৌসেনা সম্পৰ্কীয় পৰ্যটনৰ প্ৰতি আগ্ৰহীসকলৰ বাবে আমাৰ দেশৰ বহু ঠাই আছে , য’ত তেওঁলোকে বহু কথা শিকিব পাৰে। গুজৰাটৰ সোমনাথৰ সমীপৰ ডিউ জিলা দেশৰ পশ্চিম উপকূলত অৱস্থিত। ডিউত আছে ‘আই এন এছ খুখৰী’ৰ বাবে উৎসৰ্গিত ‘খুখৰী স্মৃতিসৌধ আৰু সংগ্ৰহালয়’।
গোৱাত আছে ‘নাভাল এভিয়েশন মিউজিয়াম’, যিটো এছিয়াৰ এই ধৰণৰ এক অনন্য মিউজিয়াম। ফ’ৰ্ট কোচিৰ আই এন এছ দ্ৰোণাচাৰ্যত ‘ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক সংগ্ৰহালয়’ আছে। ইয়াত আমাৰ দেশৰ সামুদ্ৰিক ইতিহাস আৰু ভাৰতীয় নৌসেনাৰ বিৱৰ্তন পৰ্যবেক্ষণ কৰিব পাৰি।
পূৰ্বতে প’ৰ্ট ব্লেয়াৰ নামেৰে পৰিচিত শ্ৰীবিজয়পুৰমৰ ‘সমুদ্ৰিকা – নৌসেনাৰ সামুদ্ৰিক সংগ্ৰহালয়’ অঞ্চলটোৰ চহকী ইতিহাস প্ৰদৰ্শনৰ বাবে জনাজাত। কাৰৱাৰৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বীচৰ যুদ্ধজাহাজ সংগ্ৰহালয়ত ক্ষেপণাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰৰ প্ৰতিৰূপ ৰখা হৈছে।
লগতে বিশাখাপট্টনমত ভাৰতীয় নৌসেনাৰ সৈতে জড়িত চাবমেৰিন, হেলিকপ্টাৰ, বিমান সংগ্ৰহালয় আছে। বিশেষকৈ সামৰিক ইতিহাসৰ প্ৰতি আগ্ৰহীসকলক আপোনালোক সকলোকে আহ্বান জনাইছো যে এই সংগ্ৰহালয়সমূহো ভ্ৰমণ কৰাৰ বিষয় কৰি লওক।
মোৰ প্ৰিয় দেশবাসীসকল,
শীতকাল আহিল, শীতকালীন পৰ্যটনৰ ঋতুও আহিল। বহু দেশে শীতকালীন পৰ্যটনক নিজৰ অৰ্থনীতিৰ এক প্ৰধান স্তম্ভ হিচাপে গঢ়ি তুলিছে। বহু দেশত বিশ্বৰ সফল শীতকালীন উৎসৱ আৰু শীতকালীন ক্ৰীড়াৰ আৰ্হি আছে।
এই দেশসমূহে স্কিয়িং, স্নোবৰ্ডিং, স্নো ট্ৰেকিং, আইচ ক্লাইম্বিং আৰু পৰিয়ালৰ স্নো পাৰ্ক আদি অভিজ্ঞতাক নিজৰ পৰিচয়ৰ অংশ হিচাপে গঢ়ি তুলিছে। শীতকালীন উৎসৱবোৰকো বিশ্বব্যাপী আকৰ্ষণলৈ ৰূপান্তৰিত কৰিছে।
বন্ধুসকল,
আমাৰ দেশখনো শীতকালীন পৰ্যটনৰ প্ৰতিটো সম্ভাৱনাৰ অধিকাৰী। আমাৰ ওচৰত পাহাৰ, সংস্কৃতি, আৰু দুঃসাহসিক অভিযানৰ অন্তহীন সম্ভাৱনা আছে। মই আনন্দিত হৈছো। আজিকালি উত্তৰাখণ্ডৰ শীতকালীন পৰ্যটনে যথেষ্ট লোকক আকৰ্ষণ কৰিছে। শীতকালত আউলি, মুনছয়াৰী, চোপতা, দেয়াৰাৰ দৰে গন্তব্যস্থানে জনপ্ৰিয়তা লাভ কৰিছে।
মাত্ৰ কেইসপ্তাহমানৰ আগতে ৰাজ্যখনৰ প্ৰথমটো হাই এলটিটুড আল্ট্ৰা ৰান মাৰাথন আদি কৈলাশত অনুষ্ঠিত হৈছিল, যিটো পিথোৰাগড় জিলাৰ ১৪,৫০০ ফুটতকৈও অধিক উচ্চতাত। দেশৰ ১৮খন ৰাজ্যৰ পৰা ৭৫০ জনতকৈ অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ “আদি কৈলাশ পৰিক্ৰমা দৌৰ” পুৱা ৫ বজাৰ পৰা হাড় কঁপোৱা ঠাণ্ডাৰ মাজতে আৰম্ভ হয়। ইমান ঠাণ্ডাৰ মাজতো ৰাইজৰ উৎসাহ স্পষ্ট হৈ পৰিছিল। তিনি বছৰ আগলৈকে আদি কৈলাশলৈ ২০০০ তকৈ কম পৰ্যটক আহিছিল যদিও এতিয়া এই সংখ্যা ৩০ হাজাৰৰ ওপৰলৈ বৃদ্ধি পাইছে।
বন্ধুসকল,
কেইসপ্তাহমানৰ পিছত উত্তৰাখণ্ডতো অনুষ্ঠিত হ’ব শীতকালীন গেমছ। দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ, দুঃসাহসিক কৰ্মপ্ৰেমী আৰু ক্ৰীড়াপ্ৰেমীসকল এই অনুষ্ঠানক লৈ উৎসাহিত হৈছে।
স্কিয়িঙেই হওক বা স্নোবৰ্ডিঙেই হওক, ইতিমধ্যে বৰফ ভিত্তিক বিভিন্ন খেলৰ প্ৰস্তুতি আৰম্ভ হৈছে। উত্তৰাখণ্ডয়ো শীতকালীন পৰ্যটনৰ প্ৰসাৰৰ বাবে সংযোগ আৰু আন্তঃগাঁথনিৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। হোমষ্টেৰ সন্দৰ্ভতো নতুন নীতি প্ৰস্তুত কৰা হৈছে।
বন্ধুসকল,
শীতকালীন ‘ৱেড ইন ইণ্ডিয়া’ অভিযানৰ নিজস্ব আড়ম্বৰ আৰু উন্মাদনা আছে। শীতৰ সোণালী ৰ’দেই হওক বা পাহাৰৰ পৰা নামি অহা কুঁৱলীৰ কম্বলখনেই হওক; ডেষ্টিনেছন ৱেডিঙৰ বাবেও পাহাৰবোৰ অতি জনপ্ৰিয় হৈ পৰিছে। বিশেষকৈ গংগাজীৰ পাৰত এতিয়া বহুতে বিয়া পাতিছে।
বন্ধুসকল,
এই শীতকালত হিমালয়ৰ উপত্যকাবোৰ আজীৱন স্থায়ী অভিজ্ঞতাৰ অংশ হৈ পৰে। এই শীতকালত যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে হিমালয়ৰ উপত্যকাবোৰৰ কথা নিশ্চয়কৈ মনত ৰাখিব।
বন্ধুসকল,
কেইসপ্তাহমানৰ আগতে মই ভূটান ভ্ৰমণ কৰিছিলো। এনে ভ্ৰমণে বিভিন্ন ধৰণৰ আদান-প্ৰদান আৰু আলোচনাৰ সুযোগ প্ৰদান কৰে। এই ভ্ৰমণৰ সময়ত ভূটানৰ ৰজা, বৰ্তমানৰ ৰজাৰ পিতৃ, যি নিজেও ৰজা হৈ আহিছে, প্ৰধানমন্ত্ৰী আদিক লগ পাইছিলো। ভ্ৰমণৰ কালছোৱাত সকলোৱে এটা কথা উল্লেখ কৰা শুনিলোঁ; সকলোৱে ভাৰতীয়সকলক কৃতজ্ঞতা প্ৰকাশ কৰিছিল যে তেওঁলোকে তালৈ বৌদ্ধ ধ্বংসাৱশেষ প্ৰেৰণ কৰিছিল… ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষ। সেই কথা শুনি মোৰ অন্তৰখন গৌৰৱেৰে ফুলি উঠিছিল।
বন্ধুসকল,
ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষৰ প্ৰতি একেধৰণৰ উৎসাহ আন বহু দেশত দেখা গৈছে। যোৱা মাহত এই পবিত্ৰ ধ্বংসাৱশেষসমূহ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা ৰাছিয়াৰ কাল্মিকিয়ালৈ লৈ যোৱা হৈছিল। তাত বৌদ্ধ ধৰ্মৰ বিশেষ তাৎপৰ্য আছে। মোক কোৱা হ’ল যে ৰাছিয়াৰ দূৰৱৰ্তী অঞ্চলৰ পৰাও বৃহৎ সংখ্যক লোকে সেয়া চাবলৈ আহিছিল। মংগোলিয়া, ভিয়েটনাম, থাইলেণ্ডলৈও এই ধ্বংসাৱশেষসমূহ লৈ যোৱা হৈছে। সকলোতে বিপুল উৎসাহৰ সাক্ষী হৈছে। আনকি থাইলেণ্ডৰ ৰজায়ো দৰ্শন কৰিবলৈ আহিছিল । সমগ্ৰ বিশ্বতে ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষৰ সৈতে ইমান গভীৰ সংযোগ দেখা পাই হৃদয়স্পৰ্শী অনুভৱ হৈছে। এনে পদক্ষেপসমূহ যেতিয়া সমগ্ৰ বিশ্বৰ মানুহক সংযোগ কৰাৰ মাধ্যম হৈ পৰে সেয়া শুনিলে আনন্দৰ সৃষ্টি হয়।
মোৰ প্ৰিয় দেশবাসীসকল,
‘স্থানীয়ৰ বাবে কণ্ঠস্বৰ’ মন্ত্ৰটো আগবঢ়াই নিবলৈ আপোনালোক সকলোকে সদায় আহ্বান জনাইছো। মাত্ৰ কেইদিনমানৰ আগতে জি-২০ সন্মিলনৰ সময়ত যেতিয়া বিশ্বৰ কেইবাজনো নেতাক উপহাৰ দিয়াৰ কথা আহিছিল, তেতিয়া মই এই আবেগেৰে পুনৰবাৰ কৈছিলো ‘ভ’কেল ফৰ লোকেল’। মোৰ দেশবাসীৰ হৈ বিশ্ব নেতাসকলক উপহাৰ দিয়া উপহাৰবোৰত এই আবেগক সযতনে মনত ৰখা হৈছিল। জি-২০ৰ সময়ত মই দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তি উপহাৰ দিলোঁ। তামিলনাডুৰ থাঞ্জাৱুৰৰ সাংস্কৃতিক ঐতিহ্যৰ মাজত শিপাই থকা চোলা যুগৰ কাৰুকাৰ্য্যৰ এয়া এক আচৰিত নিদৰ্শন।
কানাডাৰ প্ৰধানমন্ত্ৰীক ৰূপালী ঘোঁৰাৰ প্ৰতিৰূপ প্ৰদান কৰা হয়। ইয়াত ৰাজস্থানৰ উদয়পুৰৰ সুন্দৰ কাৰুকাৰ্য্য প্ৰদৰ্শন কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰীক ৰূপালী বুদ্ধৰ প্ৰতিমূৰ্তি প্ৰদান কৰা হয়।
ইয়াত তেলেংগানা আৰু কৰিমনগৰৰ প্ৰখ্যাত ৰূপৰ শিল্পকৰ্মৰ জটিলতা প্ৰদৰ্শন কৰা হৈছে। ইটালীৰ প্ৰধানমন্ত্ৰীক ফুলৰ আকৃতিৰে ৰূপালী দাপোন উপহাৰ দিয়া হয়। ইয়াৰ দ্বাৰা কৰিমনগৰৰ পৰম্পৰাগত ধাতুৰ কাৰুকাৰ্য্যও প্ৰদৰ্শিত হৈছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক কেৰালাৰ মান্নাৰৰ পৰা অহা এটা সুন্দৰ শিল্প কাঁহৰ উৰ্লি উপহাৰ দিলোঁ। মোৰ লক্ষ্য আছিল ভাৰতীয় শিল্পকৰ্ম, শিল্প আৰু পৰম্পৰাৰ প্ৰতি বিশ্বক সচেতন কৰা, আৰু আমাৰ শিল্পীসকলৰ প্ৰতিভাক এক বিশ্বব্যাপী মঞ্চ প্ৰদান কৰা।
বন্ধুসকল,
মই সুখী যে দেশৰ লাখ লাখ মানুহে ‘স্থানীয়ৰ বাবে কণ্ঠস্বৰ’ৰ মনোভাৱক নিজৰ জীৱনৰ অংশ হিচাপে গঢ়ি তুলিছে। এইবাৰ যেতিয়া আপুনি উৎসৱৰ সময়ত বজাৰ কৰিবলৈ বজাৰলৈ গৈছিল, তেতিয়া আপুনি নিশ্চয় এটা কথা লক্ষ্য কৰিছিল। মানুহৰ পছন্দ আৰু তেওঁলোকৰ ঘৰলৈ অনা সামগ্ৰীবোৰে স্পষ্টকৈ ইংগিত দিছিল যে দেশখন স্বদেশীলৈ ঘূৰি আহিছে। মানুহে স্বেচ্ছাই ভাৰতীয় সামগ্ৰী বাছি লৈছিল। আনকি নাবালক বেছিভাগ দোকানীয়েও এই পৰিৱৰ্তন অনুভৱ কৰিছিল। এইবাৰ যুৱক-যুৱতীসকলেও ‘স্থানীয়ৰ বাবে কণ্ঠস্বৰ’ অভিযানক জোৰ দিলে। বৰদিন আৰু নৱবৰ্ষৰ বাবে অনাগত দিনত বজাৰ কৰাৰ নতুন ৰাউণ্ড আৰম্ভ হ’ব।
মই আপোনালোকক পুনৰ সোঁৱৰাই দিম, ‘ভোকেল ফৰ লোকেল’ৰ মন্ত্ৰটো মনত ৰাখিব, দেশত নিৰ্মিত বস্তুহে কিনিব, দেশৰ এজন নাগৰিকৰ কষ্ট বহন কৰা বস্তুহে বিক্ৰী কৰক।
মোৰ প্ৰিয় দেশবাসীসকল,
ভাৰতত ক্ৰীড়াৰ ক্ষেত্ৰত এই মাহটো ছুপাৰ হিট হৈ পৰিছে। এই মাহৰ আৰম্ভণি হৈছিল ভাৰতীয় মহিলা দলে আই চি চি মহিলা বিশ্বকাপত জয়লাভ কৰি। কিন্তু তাৰ পিছতো খেলপথাৰত অধিক একচন দেখা গৈছে। মাত্ৰ কেইদিনমানৰ আগতে টকিঅ’ত বধিৰ অলিম্পিক অনুষ্ঠিত হৈছিল, য’ত ভাৰতে ২০টা পদক লাভ কৰি আজিলৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল। আমাৰ মহিলা খেলুৱৈসকলেও কাবাডী বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিলে। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনে প্ৰতিজন ভাৰতীয়ৰ হৃদয় জয় কৰিছিল। আমাৰ খেলুৱৈসকলে বিশ্ব বক্সিং কাপৰ ফাইনেলতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, য’ত তেওঁলোকে ২০টা পদক লাভ কৰিছিল। বন্ধুসকল, যিটো কথা আৰু বেছি আলোচনা কৰা হৈছে, সেয়া হৈছে আমাৰ মহিলা দলটোৱে অন্ধ ক্ৰিকেট বিশ্বকাপ জয় কৰা।
লক্ষ্যণীয় কথাটো হ’ল আমাৰ দলটোৱে এখনো মেচত পৰাস্ত নোহোৱাকৈয়ে এই প্ৰতিযোগিতাত জয়লাভ কৰে। এই দলৰ প্ৰতিজন খেলুৱৈক লৈ দেশবাসীয়ে অতি গৌৰৱ অনুভৱ কৰিছে। মাত্ৰ দুদিন আগতে প্ৰধানমন্ত্ৰীৰ বাসগৃহত এই দলটোক লগ পাইছিলোঁ। সঁচাকৈয়ে এই দলৰ সাহস আৰু আবেগে আমাক বহু কথা শিকাই। এই জয় আমাৰ ক্ৰীড়া ইতিহাসৰ অন্যতম বৃহৎ জয়, যিয়ে প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰি থাকিব।
বন্ধুসকল,
আজিকালি আমাৰ দেশত এণ্ডুৰেন্স স্প’ৰ্টছৰ এক নতুন ক্ৰীড়া সংস্কৃতিও দ্ৰুতগতিত গঢ় লৈ উঠিছে। এণ্ডুৰেন্স স্প’ৰ্টছ বুলি ক’লে মই আপোনাৰ সীমা পৰীক্ষা কৰা ক্ৰীড়া কাৰ্য্যকলাপক বুজাইছোঁ। কেইবছৰমান আগলৈকে মাৰাথন আৰু বাইকথনৰ দৰে বিশেষ অনুষ্ঠান নিৰ্বাচিত কেইজনমান লোকৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু এতিয়া বহুত সলনি হৈছে। মোক কোৱা হৈছে যে সমগ্ৰ দেশতে প্ৰতিমাহে ১৫০০ৰো অধিক এণ্ডুৰেন্স স্প’ৰ্টছ ইভেণ্ট অনুষ্ঠিত হয়। এই অনুষ্ঠানসমূহত অংশগ্ৰহণৰ বাবে খেলুৱৈসকলে বহু দূৰলৈ যাত্ৰা কৰে।
বন্ধুসকল,
সহ্যশক্তিৰ ক্ৰীড়াৰ নিজৰ উদাহৰণ হ’ল আইৰনমেন ট্ৰায়েথলন। এইটো কল্পনা কৰকচোন! যদি আপোনাক কোৱা হয় যে আপোনাৰ হাতত এদিনতকৈও কম সময় আছে আৰু আপুনি এই তিনিটা কাম সম্পূৰ্ণ কৰিব লাগিব: সাগৰত ৪ কিলোমিটাৰ সাঁতুৰিব লাগে, ১৮০ কিলোমিটাৰ চাইকেল চলাব লাগিব আৰু প্ৰায় ৪২ কিলোমিটাৰ মাৰাথন দৌৰিব লাগিব, তেন্তে আপুনি হয়তো ভাবিব পাৰে যে এয়া কেনেকৈ সম্ভৱ হ’ব। কিন্তু তীখাৰ দৰে সংকল্প থকা মানুহে এয়াও সফলতাৰেকৰিব পাৰে । সেইবাবেই ইয়াক আইৰনমেন ট্ৰায়েথলন বুলি কোৱা হয়।
শেহতীয়াকৈ গোৱাত অনুৰূপ এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। আজিকালি এনেধৰণৰ অনুষ্ঠানত মানুহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে। আমাৰ যুৱ বন্ধু-বান্ধৱীৰ মাজত আন বহু প্ৰতিযোগিতা অতি জনপ্ৰিয় হৈ পৰিছে। বহুতে একত্ৰিত হৈ ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল আদি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই সকলোবোৰ ফিটনেছক প্ৰসাৰিত কৰাৰ বাবে ফলপ্ৰসূ হৈছে।
বন্ধুসকল,
প্ৰতিমাহে আপোনালোকক লগ পোৱাটো মোৰ বাবে সদায় এক নতুন অভিজ্ঞতা। আপোনালোকৰ কাহিনী, আপোনালোকৰ প্ৰচেষ্টাই মোক নতুনকৈ অনুপ্ৰাণিত কৰে। আপোনালোকে আপোনালোকৰ বাৰ্তাত দিয়া পৰামৰ্শ আৰু অভিজ্ঞতাই আমাক এই কাৰ্যসূচীত ভাৰতৰ বৈচিত্ৰ্যক সন্নিৱিষ্ট কৰিবলৈ অনুপ্ৰাণিত কৰে। অহা মাহত যেতিয়া আমি লগ হ’ম তেতিয়া ২০২৫ চনৰ অন্ত পৰিব।
এতিয়া দেশৰ বেছিভাগ ঠাইতে ঠাণ্ডা তীব্ৰতৰ হ’ব । অনুগ্ৰহ কৰি শীতকালত নিজৰ লগতে পৰিয়ালৰ বিশেষ যত্ন লওক। অহা মাহত আমি নিশ্চিতভাৱে কিছুমান নতুন বিষয় আৰু নতুন ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিম। আপোনালোকক অশেষ ধন্যবাদ। নমস্কাৰ।
MJPS/VJ/VK/DM
#MannKiBaat has begun. Do hear. https://t.co/0Wp9vjJWUm
— PMO India (@PMOIndia) November 30, 2025
The month of November brought many inspirations. #MannKiBaat pic.twitter.com/Ml3tYfgBhj
— PMO India (@PMOIndia) November 30, 2025
India has set a historic record with food grain production. #MannKiBaat pic.twitter.com/yiRNFMMvBb
— PMO India (@PMOIndia) November 30, 2025
PM @narendramodi highlights how a team of youngsters from Pune succeeded in a unique drone competition organised by ISRO. #MannKiBaat pic.twitter.com/fH0I4PtPFG
— PMO India (@PMOIndia) November 30, 2025
A sweet revolution across India! #MannKiBaat pic.twitter.com/jeYbz2UHdA
— PMO India (@PMOIndia) November 30, 2025
From Europe to Saudi Arabia, PM @narendramodi shares how the world is celebrating the Gita. #MannKiBaat pic.twitter.com/YCDMLt4s76
— PMO India (@PMOIndia) November 30, 2025
The incredible contributions of Jam Saheb that the world is honouring today... #MannKiBaat pic.twitter.com/KbUxibRiRW
— PMO India (@PMOIndia) November 30, 2025
Glad to see that many young, highly qualified professionals are now adopting the field of natural farming, says PM @narendramodi in #MannKiBaat pic.twitter.com/aVa0mB7dzI
— PMO India (@PMOIndia) November 30, 2025
The fourth Kashi-Tamil Sangamam is commencing on the 2nd December at Namo Ghat in Kashi.
— PMO India (@PMOIndia) November 30, 2025
PM @narendramodi urges everyone to be a part of the Kashi-Tamil Sangamam. #MannKiBaat pic.twitter.com/Mrk4BsjnVE
INS Mahe has been inducted into the Indian Navy. Its indigenous design is drawing wide appreciation. #MannKiBaat pic.twitter.com/9lYxib1hUj
— PMO India (@PMOIndia) November 30, 2025
Winter tourism in Uttarakhand is attracting many people. #MannKiBaat pic.twitter.com/uOhMd1qgHM
— PMO India (@PMOIndia) November 30, 2025
Enthusiasm for the sacred relics of Bhagwan Buddha has been observed in many countries. World over, people expressed gratitude to India for sending Buddhist relics. #MannKiBaat pic.twitter.com/0t0MpWvwtl
— PMO India (@PMOIndia) November 30, 2025
Vocal for Local! #MannKiBaat pic.twitter.com/qau8x27hgi
— PMO India (@PMOIndia) November 30, 2025
India's superhit sports month! #MannKiBaat pic.twitter.com/5EzYrg0GkF
— PMO India (@PMOIndia) November 30, 2025
The month of November has been one of many occasions which will make 140 crore Indians proud, some of which are:
— Narendra Modi (@narendramodi) November 30, 2025
Dharma Dhwajarohan Utsav in Ayodhya.
150th birth anniversary celebrations of Bhagwan Birsa Munda.
150 years of Vande Mataram.
India moved closer to being a global… pic.twitter.com/QDL0LahcSU
India’s Gen Z is doing wonders when it comes to tech and innovation. Highlighted an effort which showcases our youth’s passion towards drones.#MannKiBaat pic.twitter.com/xlfIHyvCa3
— Narendra Modi (@narendramodi) November 30, 2025
From Jammu and Kashmir to Karnataka and Nagaland, India’s farmers are achieving remarkable success in honey production. Also appreciated KVIC for their efforts in this sector. #MannKiBaat pic.twitter.com/14JhzVd1bt
— Narendra Modi (@narendramodi) November 30, 2025
Gita Mahotsavs in Saudi Arabia and Latvia are noteworthy efforts, which deepen cultural connect with the Indian diaspora and those passionate about Indian culture and spirituality.#MannKiBaat pic.twitter.com/JIwGa4tSSM
— Narendra Modi (@narendramodi) November 30, 2025
Talked about a special gesture in Israel which paid tributes to Jam Saheb Digvijaysinhji for his humanitarian spirit.#MannKiBaat pic.twitter.com/r2XTsx1PQt
— Narendra Modi (@narendramodi) November 30, 2025
Kashi looks forward to hosting the Kashi Tamil Sangamam!#MannKiBaat pic.twitter.com/ZdszXjdZUy
— Narendra Modi (@narendramodi) November 30, 2025
Come, wed in India!#MannKiBaat pic.twitter.com/sCz2VhLS2M
— Narendra Modi (@narendramodi) November 30, 2025
Buddhist relics from India have received a very special welcome in Bhutan, Thailand, Russia, Mongolia and other nations indicating how the thoughts of Lord Buddha connect us and inspire us.#MannKiBaat pic.twitter.com/OWrfVRCff1
— Narendra Modi (@narendramodi) November 30, 2025
ಜಮ್ಮು ಮತ್ತು ಕಾಶ್ಮೀರದಿಂದ ಕರ್ನಾಟಕ ಮತ್ತು ನಾಗಾಲ್ಯಾಂಡ್ ವರೆಗೆ, ಭಾರತದ ರೈತರು ಜೇನು ಉತ್ಪಾದನೆಯಲ್ಲಿ ಉತ್ತಮ ಯಶಸ್ಸನ್ನು ಕಾಣುತ್ತಿದ್ದಾರೆ. ಈ ವಲಯದಲ್ಲಿ ಕೆವಿಐಸಿಯ ಪ್ರಯತ್ನಗಳನ್ನೂ ಶ್ಲಾಘಿಸಿಲಾಯಿತು. #MannKiBaat pic.twitter.com/ywG30BAxZS
— Narendra Modi (@narendramodi) November 30, 2025
காசி தமிழ் சங்கமத்தை நடத்துவதற்கு, காசி நகரம் ஆவலுடன் எதிர்நோக்கியுள்ளது!#MannKiBaat pic.twitter.com/S2jJ2qknnr
— Narendra Modi (@narendramodi) November 30, 2025
उत्तराखंड में ‘आदि कैलाश परिक्रमा रन’ के बाद अब यहां लोगों में Winter Games को लेकर भारी उत्साह है। राज्य में Winter Tourism को बढ़ावा देने के लिए जिस तरह से कनेक्टिविटी और इंफ्रास्ट्रक्चर पर फोकस किया गया है, वो पूरे देश को प्रेरित करने वाला है।#MannKiBaat pic.twitter.com/tbO3ThOyZe
— Narendra Modi (@narendramodi) November 30, 2025
यह देखकर बहुत संतोष होता है कि आज ‘Vocal for Local’ की भावना को देश के करोड़ों लोगों ने अपने जीवन का हिस्सा बना लिया है। मैंने भी दक्षिण अफ्रीका में हुए G-20 शिखर सम्मेलन के दौरान देशवासियों की ओर से विश्व के नेताओं को जो उपहार भेंट किए, उनमें इसी भावना का ध्यान रखा है।… pic.twitter.com/VdvFY8O2rM
— Narendra Modi (@narendramodi) November 30, 2025