পি এম ইণ্ডিয়া
অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ এটা কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবেও প্ৰাৰ্থনা জনায়।
প্ৰতিজন মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকা আৰু
বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক ৫০হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে ;
“অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ এটা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত মৰ্মাহত হৈছো। আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক।”মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকা আৰু বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক ৫০হাজাৰ টকাৰ সাহায্য দিয়া হ’ব “।
Pained by the loss of lives in the explosion at a factory in Kakinada district of Andhra Pradesh. I extend my condolences to those who lost their loved ones. May the injured recover soon.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased.…
— PMO India (@PMOIndia) February 28, 2026
***
MJPS/Dr. Pavan Khedkar/DM