Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফী জয়ৰ বাবে জম্মু-কাশ্মীৰ দলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফী জয় কৰা  বাবে জম্মু-কাশ্মীৰ দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঐতিহাসিক জয়ে দলটোৰ  উদ্যম, অনুশাসন আৰু আবেগক প্ৰতিফলিত কৰে। জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত বুলি আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে এই বিজয়ে অঞ্চলটোৰ ক্ৰীড়াৰ আবেগ আৰু প্ৰতিভাৰ ক্ৰমবৰ্ধমান আলোকপাত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই কৃতিত্বই বহু যুৱ খেলুৱৈক ডাঙৰ সপোন দেখিবলৈ আৰু অধিক ভালদৰে খেলিবলৈ অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে এটা পোষ্টত শ্বেয়াৰ কৰিছে;

“জম্মু-কাশ্মীৰ দলটোক প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফী জয়ৰ বাবে অভিনন্দন! এই ঐতিহাসিক জয়ই দলটোৰ উল্লেখযোগ্য উদ্যম, অনুশাসন আৰু আবেগক প্ৰতিফলিত কৰিছে। জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত আৰু ই তাত ক্ৰমাৎ বৃদ্ধি পোৱা ক্ৰীড়াৰ আবেগ আৰু প্ৰতিভাক উজ্জ্বল কৰি তুলিছে। এই কৃতিত্বই বহু যুৱ খেলুৱৈক ডাঙৰ সপোন দেখিবলৈ আৰু অধিক ভালদৰে খেলিবলৈ অনুপ্ৰাণিত কৰক।”

 

***

MJPS/Dr. Pavan Khedkar/DM